হোজাই, 29 আগষ্টঃ চলিত মাহৰ ৩১ আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা ৷ এন আৰ চি তালিকা প্ৰকাশক লৈ যাতে জনসাধাৰণ চিন্তিত নহয় তাক লৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰিছে হোজাই জিলা প্ৰশাসনে ৷ বৃহস্পতিবাৰে লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা মূলক সভা ৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাঁই,আৰক্ষী অধীক্ষক অংকুৰ জৈন,লংকা পৌৰ সভাৰ পৌৰপতি বিজু ভট্টাচাৰ্য সহ উপস্থিত থাকে বহুসংখ্যক লোক ৷
হোজাইৰ লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা - হোজাই জিলা প্ৰশাসন
এন আৰ চি তালিকা প্ৰকাশক লৈ যাতে জনসাধাৰণ চিন্তিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছে সজাগতা মূলক সভা ৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাঁই,আৰক্ষী অধীক্ষক অংকুৰ জৈন, লংকা পৌৰ সভাৰ পৌৰপতি বিজু ভট্টাচাৰ্য সহ উপস্থিত থাকে বহুসংখ্যক লোক
উল্লেখ্য যে, এন আৰ চিৰ তালিকাত হোজাই জিলাৰ বহু ৰাইজৰ নাম অন্তৰ্ভূক্ত হৈছে যদিও প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰাত কৰ্তন হৈছে বহুতৰ নাম ৷ যিসকলৰ নাম এন আৰ চিৰ তালিকাত কৰ্তন হৈছে তাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি সাংবাদিকৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ লগতে এন আৰ চি কেন্দ্ৰলৈ গ'লেই এন আৰ চিৰ তালিকাত নাম কৰ্তন হোৱা সকলে অনলাইনৰ জৰিয়তে তেওঁলোকৰ নাম কৰ্তন হোৱাৰ কাৰণ জানিব পাৰিব বুলি উল্লেখ কৰে৷ তাৰোপৰি উৰা বাতৰিৰ প্ৰতি ৰাইজক গুৰুত্ব নিদিবলৈও সকলোকে আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷