হোজাই, 13 মে' : হোজাইত জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা আলী হুছেইনৰ শৰীৰত নাই কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মৃত্যুৰ পিছত তেজৰ নমুনা পৰীক্ষাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য ৷
জ্বৰত মৃত্যু হোৱা আলী হুছেইনৰ গাত নাই কভিড-19ৰ উপস্থিতি - তেজপুৰ চিকিৎসালয়ৰ মহাবিদ্যালয়
জ্বৰত আক্ৰান্ত হৈ হোজাইত মৃত্যু হোৱা যুৱকজনৰ শৰীৰত কভিড-19ৰ উপস্থিতি নিগেটিভ পোৱা গৈছে ৷ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে এই তথ্য ৷
জ্বৰত মৃত্যু হোৱা আলী হুছেইনৰ গাত নাই কভিড-19ৰ উপস্থিতি
উল্লেখযোগ্য যে, জ্বৰত আক্ৰান্ত হৈ মংগলবাৰে হোজাইৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছিল যুৱকজনৰ ৷
লগতে পঢ়ক : ৮৪ৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত সজ্জন কুমাৰৰ জামিন নাকচ