নিউজ ডেস্ক, ২২ নৱেম্বৰ: বিশাখাপট্টনমৰ পাকিস্তানী চোৰাংচোৱাগিৰিৰ গোচৰত মুম্বাইৰ পৰা তৃতীয়বাৰৰ বাবে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । মুম্বাইৰ পৰা NIA-এ গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম আমান চেলিম শ্বেইখ । পাকিস্তানৰ আই এছ আই চোৰাংচোৱা নেটৱৰ্কৰ সৈতে প্ৰতিৰক্ষা তথ্য শ্বেয়াৰ কৰাৰ অভিযোগত সোমবাৰে অভিযুক্ত শ্বেইখক গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ।
মুম্বাইত NIAৰ অভিযান: সোমবাৰে মুম্বাইৰ দুটা স্থানত NIAৰ অভিযান চলে । তাৰ সমান্তৰালকৈ একেটা গোচৰতে অসমৰ নগাঁও জিলাৰ হোজাইৰ এটা ঠাইতো NIA-এ অভিযান চলাইছিল । ইয়াৰ পিছতে আমান চেলিম শ্বেখক মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা এতিয়ালৈকে তিনিজনলৈ বৃদ্ধি পাইছে । এই গোচৰত NIA-এ ইতিমধ্যে দুজন পলাতক পাকিস্তানী গেংষ্টাৰসহ মুঠ চাৰিজন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে ।
পাকিস্তানী বিষয়াৰ সক্ৰিয় চিম কাৰ্ড: ৰেকেটত জড়িত পাকিস্তানী চোৰাংচোৱা বিষয়াই ব্যৱহাৰ কৰা চিম কাৰ্ড সক্ৰিয় কৰাত অমান জড়িত থকা বুলি ধৰা পৰে । ২০২১ চনত এই বিষয়টো প্ৰথম পোহৰলৈ অহাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ কাউণ্টাৰ ইনটেলিজেন্স চেলে গোচৰ ৰুজু কৰে । ২০২১ চনৰ ১২ জানুৱাৰীত ভাৰতীয় দণ্ডবিধিৰ ১২০বি আৰু ১২১এ ধাৰা আৰু ১৯৬৭ চনৰ বে আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১৭ আৰু ১৮ নং ধাৰা আৰু চৰকাৰী গোপনীয়তা আইন, ১৯২৩ৰ ৩ নং ধাৰাত পঞ্জীয়ন কৰা হৈছিল গোচৰ । জুন মাহত NIA ই গোচৰটো নিজৰ হাতত লয় ।
নথি-পত্ৰসহ দুটা মোবাইল ফোন জব্দ: আমনক গ্ৰেপ্তাৰ কৰা স্থানৰ পৰা NIA ই উদ্ধাৰ কৰিছে দুটা মোবাইল ফোন । তাৰ সমান্তৰালকৈ NIA-এ চলোৱা অভিযানত আন ঠাইৰ পৰা আৰু দুটা মোবাইল ফোন আৰু বহু স্পৰ্শকাতৰ নথি-পত্ৰ জব্দ কৰা হৈছে ।