হোজাই,২৩ জানুৱাৰী :ৰে'ল যোগাযোগ ব্যৱস্থা সুচল আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে শেহতীয়া বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (North East Frontier Railway)। সকলো ষ্টেচনৰ আধুনিকীকৰণতো গুৰুত্ব আৰোপ কৰিছে ৰে'ল বিভাগে । বিশেষকৈ যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰে'ল বিভাগে লোৱা ব্যৱস্থাসমূহ কাৰ্যকৰী হৈছে নে নাই সেয়া নিশ্চিত কৰিবলৈ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক আনচুল গুপ্তাই (NF Railway GM Anshul Gupta)।
নিজে উপস্থিত থাকি সুৰক্ষা ব্যৱস্থাৰ বুজ লৈছে মহা প্ৰৱন্ধকগৰাকীয়ে । শেহতীয়াকৈ শিলচৰৰ পাছত এইবাৰ লামডিং ৰে'ল জংচনত উপস্থিত হৈছে মহা প্ৰৱন্ধকগৰাকী । দেওবাৰে নিশা লামডিঙত উপস্থিত হয় মহা প্ৰৱন্ধক আনচুল গুপ্তা (NF Railway GM at Lumding)। গুপ্তাক সংগ দিয়ে বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া ।
মহা প্ৰৱন্ধকগৰাকীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লামডিং ষ্টেচনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় । মহা প্ৰৱন্ধকগৰাকীয়ে লামডিং ৰে'ল জংচন পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে (NF Railway GM visits Lumding station)। মহা প্ৰৱন্ধক আনচুল গুপ্তা লামডিঙত উপস্থিত হোৱাৰ লগে লগে তেওঁ বিশাল আদৰণি জনোৱা হয় । ইফালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধকগৰাকীয়ে লামডিঙত নৱ নিৰ্মিত ডেমু পিট লাইন চেড কাৰ্যালয়ৰ শুভাৰম্ভ কৰে ।