হোজাই, 6 মে’ : ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ডিড-19ত আক্ৰান্তৰ সংখ্যা । সেয়েহে বুধবাৰৰ পৰা ৰাজ্যত নতুন কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ নিষেধাজ্ঞা অনুসৰি, ৰাজ্যত দুপৰীয়া 2 বজাৰ পৰা সকলো দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আদি বন্ধ কৰাৰ লগতে সন্ধিয়া 6 বজাৰ পাচত ৰাজ্য চৰকাৰে ঘোষণা কৰে নৈশ সান্ধ্য আইন ৷
সেই অনুসৰি, বুধবাৰে দুপৰীয়া 2 বজাৰ লগে লগে হোজাই জিলাতো সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ হোৱাৰ সমান্তৰালকৈ বন্ধ হৈ পৰিছে যান-বাহন ৷ নিশা দুপৰলৈকে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে আৰক্ষী । লংকা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিজৰ দায়িত্ব পালন কৰাৰ লগতে আৰক্ষী থানাৰ সন্মুখত বঢ়াইছে নাগাচাকি । প্ৰতিখন সৰু-বৰ যান-বাহন তন্ন-তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷