নিউজ ডেস্ক, 7 অক্টোবৰ :চাওঁতে চাওঁতে আহি পালেহি হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় তথা সামাজিক উৎসৱদুৰ্গা পূজা ৷ শাস্ত্ৰ মতে, আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত পালন কৰা হয় দুৰ্গা পূজা । কাল কৰণাৰ বাবে বিগত প্ৰায় এক-ডেৰ বছৰে দেশ তথা ৰাজ্যত উদযাপন কৰা হোৱা নাছিল কোনো উৎসৱ-পাৰ্বন ৷
কি অসমীয়াৰ বাপুতি সাহোন বিহু, কি পূজা বা ৰাজ্যত উদযাপন কৰা অন্যান্য উৎসৱ ৷ কিয়নো কাল কৰ’ণাৰ ত্ৰাস ৷ বিগত প্ৰায় এক-ডেৰ বছৰে কাল কৰ’ণাৰ ত্ৰাসে এক প্ৰকাৰে বিশ্ববাসীৰ মুখৰ পৰা হাঁহিকনো কাঢ়ি নিছিল ৷
অৱশেষত যেন উদয় হ’ল এক নতুন সুৰুযৰ ৷
নতুন সুৰুযে দিছে নতুন দিগন্তৰ পথ ৷ ন আশা, ন হেঁপাহ, ন কৰ্ম উদ্যম ৷ কিয়নো সাম কাটিছে ক’ভিড মহামাৰীৰ প্ৰকোপ ৷ পুনৰ যেন ঘূৰি আহিছে অতীতৰ সেই মধুৰ দিনবোৰ ৷ তাৰেই যে এক কিৰণ প্ৰতিফলিত হৈছে মহালয়াৰ দিনটোত ৷
দেশ তথা ৰাজ্যবাসীয়ে বুধবাৰে উদযাপন কৰিলে মহালয়া ৷ মহালয়াৰ দিনটোত ৰাজ্য তথা দেশবাসীয়ে আপোন মনেৰে ওলাই আহি উদযাপন কৰা দেখিবলৈ পোৱা গ’ল মহালয়া ৷ সকলোৰে মুখত দেখা গ’ল এক আশাৰ কিৰণ ৷