অসম

assam

ETV Bharat / state

হোজাইত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতামূলক শোভাযাত্ৰা - Department of Women and Child Welfare

হোজাই জিলাত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা মূলক শোভাযাত্ৰা (National Nutrition Month awareness)। এই শোভাযাত্ৰাত সমাজকল্যাণ বিভাগৰ অংগনবাড়ী কৰ্মীসকলেও অংশগ্ৰহণ কৰে ৷

National Nutrition Month awareness March in Hojai
হোজাইত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতামূলক শোভাযাত্ৰা

By

Published : Sep 12, 2022, 9:52 PM IST

হোজাই, 12 ছেপ্টেম্বৰ: হোজাই জিলাত মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত পোষণ মাহৰ কাৰ্যসূচী ৰূপায়ন । ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত ৰাইজক সজাগ কৰা লক্ষ্যৰে আজি এক শোভাযাত্ৰা উলিওৱা হয় (National Nutrition Month)।

জিলা সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা শোভাযাত্ৰাত চৰকাৰে হোজাইৰ মহিলা আৰু শিশু কল্যাণ বিভাগক দিয়া সজাগতামূলক তিনিখন ৰথ ক্ৰমে পুষ্টি ৰথ, মাতৃ স্নেহ আৰু শক্তি ৰথৰ জৰিয়তে শোভাযাত্ৰা উলিওৱা হয় (National Nutrition Month awareness March) ৷

হোজাইত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতামূলক শোভাযাত্ৰা

আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰথকেইখনে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ গৈ শিশুৰ পুষ্টিহীনতা দূৰ কৰা, জন্ম হোৱা পিছতেই শিশুক মাতৃ দুগ্ধপান কৰোৱা আদি বিভিন্ন বিষয়ত জিলাখনৰ ৰাইজক সজাগতা কৰাৰ প্ৰয়াস কৰিব বুলি কয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়াই (Department of Women and Child Welfare)।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী । শিশু, কিশোৰী, গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলা, তেওঁলোকৰ পৰিয়ালৰ লগতে সমাজত পুষ্টি সজাগতা বৃদ্ধি কৰা আৰু সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাটোৱেই পোষণ মাহৰ লক্ষ্য ।

আনহাতে, এই শোভাযাত্ৰাত সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কৰ্মীসকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:জোনাইত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

ABOUT THE AUTHOR

...view details