হোজাই, 12 জানুৱাৰী :নগাঁও জিলাৰ ৰেংবেংঙৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছে পাঁচজনকৈ লোক। NL 03 A 0292 নম্বৰৰ ট্ৰাক আৰু AS 01 EM 9657 নম্বৰৰ বলেৰ’ পিক্ আপ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা ৷
ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 5 - সংকটজনক অৱস্থা
নগাঁও জিলাৰ ৰেংবেঙৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বলেৰ’ পিক্ আপ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা ৷
![ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 5 nagaon road_accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10219427-940-10219427-1610464341168.jpg)
নগাঁৱৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত 5
দুৰ্ঘটনাৰ পাচতে আহত লোক কেইজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বর্তমান লৈকে আঘাত প্ৰাপ্ত লোক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, ট্ৰাক চালকজনৰ ভুলৰ বাবেই পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালকে।
লগতে পঢ়ক: অসম আহি পালে ক'ভিডৰ ভেকচিন