হোজাই, 26 আগষ্ট :মৃত্যু এতিয়া যেন সহজলভ্য ৷ বাক-বিতণ্ডাৰ চূড়ান্ত পৰিণাম হ’ব পাৰে মৃত্যু ৷ এনে এক ঘটনাই সংঘটিত হৈছে বোকাজানত ৷ বুধবাৰে বোকাজানত হত্যা কৰা হয় লামডিঙৰ এজন যুৱকক ৷ মৃত যুৱকজনৰ নাম বাবলু কুৰ্মী ৷
বোকাজানৰ ফুলবাৰীৰ তপন দে’ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত বাবলু কুৰ্মী ৷ মৃত যুৱকজনৰ ঘৰ লামডিঙৰ হাতীখলি ননকেবস্তিত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তপন দে’ৰ ঘৰত একেলগে মিস্ত্ৰী হিচাপে কাম কৰি থকা বদৰপুৰৰ জুবেইৰ আহমেদৰ সৈতে খোৱা-বোৱা সংক্ৰান্তীয় কথাত বুধবাৰে নিশা সামান্য বাক-বিতণ্ডাত লিপ্ত হৈছিল ৷
পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ল’লে ভয়ংকৰ পৰিণতি ৷ নিশা শুই থকা অৱস্থাতে জুবেইৰ আহমেদে দাৰে ঘপিয়াই হত্যা কৰে বাবলুক ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে হত্যাৰ অভিযোগত অভিযুক্ত জুবেইৰ আহমেদ ৷ কেৱল বাবলুকে নহয়, লামডিঙৰ কাৰ্তিক ভূঞা নামৰ আন এজন লোককো হত্যাৰ চেষ্টা চলাইছিল জুবেইৰে ৷
সম্প্ৰতি অতি সংকটজনক অৱস্থাত লামডিঙৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কাৰ্তিক ভূঞা ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে ভুক্তভোগী বাবলুৰ পৰিয়ালে জুবেইৰ আহমেদৰ বিৰুদ্ধে বোকাজান থানাত ৰুজু কৰিছে এক গোচৰ ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে লাভ কৰা নাই জুবেইৰৰ কোনো শুং-সূত্ৰ ৷
লগতে পঢ়ক:নন্দিতা আৰু উভতি নাহে; উচুপিছে মৰিঢল কলেজৰ শিক্ষক-শিক্ষাৰ্থীয়ে