হোজাই, ১২ ফেব্ৰুৱাৰীঃ সোমবাৰৰ নিশা হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। এই ঘটনা সংঘটিত হয় ২ নং কানাবলী টোপ গাঁৱত। নিহত হোৱা যুৱক জন উক্ত গাঁৱৰে জগদীশ হালোৱা।
ঘটনাৰ বিৱৰণি মতে, জগদীশ হালোৱা নামৰ যুৱকজনে নিশা একেই গাঁৱৰে ৰূপসিং হালোৱাৰ ঘৰত প্ৰৱেশ কৰি ভাত বিচাৰিছিল। সুৰাৰ ৰাগিত থকা যুৱকজনে ভাত খাই শুই পৰে ৰূপসিং হালোৱাৰ চোতালত। জগদীশ হালোৱাৰ ঘৰৰ পৰিয়াল আহি নিজ ঘৰলৈ নিবলৈ চেষ্টা কৰে যদিও যাবলৈ অমান্তি হয়। তেনেতে আৰম্ভ হয় তীব্ৰ বাকযুদ্ধৰ।
এই কাজিয়াত উভয় পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমনত ৰূপসিং হালোৱা আৰু তেওঁৰ বোৱাৰী ৰীমা হালোৱা আহত হোৱাৰ বিপৰীতে জগদীশ হালোৱাৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছত মঙলবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰি আক্ৰমণ কাৰী ৰূপসিং হালোৱাক আটক কৰি থানালৈ লৈ যায় ।