অসম

assam

ETV Bharat / state

আৰ্তজনৰ কাষত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ! - দৰিদ্ৰলৈ সাহাৰ্য বিতৰণ প্ৰদ্যুত বৰদলৈৰ

বিপদৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । লক্ ডাউনত দিল্লীতে আৱদ্ধ থাকিয়ে প্ৰতিনিধিৰ জৰিয়তে সাহাৰ্য বিতৰণ প্ৰদ্যুৎ বৰদলৈৰ ।

MP Pradyut Bordoloi get relief to needy people at Hojai
MP Pradyut Bordoloi get relief to needy people at Hojai

By

Published : May 10, 2020, 4:49 PM IST

হোজাই, ১০ মে':কৰ'ণা ভাইৰাছৰ বাবে লক্ ডাউনৰ ঘোষণা কৰাৰ পাচৰে পৰা বহু লোক সন্মুখীন হৈছে খাদ্য সংকটৰ । তেনে বিপদৰ সময়ত আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়াইছে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে । লংকাৰ লস্কৰপথাৰত প্ৰায় তিনিশ দৰিদ্ৰ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে সাংসদগৰাকীয়ে ।

আৰ্তজনৰ কাষত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ !

বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈয়ে দেশজুৰি বৰ্তমান পালন কৰি থকা হৈছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন ।

লক্ ডাউন তথা দুৰ্যোগৰ এই সময়ছোৱাত আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু জনপ্ৰতিনিধি, বিভিন্ন দল সংগঠনৰ লগতে বহু সু-হৃদয়বান লোক । COVID-১৯ য়ে সৃষ্টি কৰা এই বিভীষিকাময় পৰিস্থিতিৰ মাজতেই নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দাঙি ধৰে মহানুভৱতাৰ পৰিচয় । লক্ ডাউনৰ বাবে সাংসদগৰাকী বৰ্তমান দিল্লীত আৱদ্ধ হৈ থাকিব লগা হৈছে যদিও সাংসদ গৰাকীৰ তত্বাৱধানতেই নগাঁও সমষ্টিৰ বিভিন্ন স্থানত দৰিদ্ৰ পৰিয়াললৈ আগবঢ়োৱা হৈছে সাহাৰ্য ।

দৰিদ্ৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

সাংসদগৰাকীৰ তত্বাৱধানতে দলীয় কৰ্মী তথা প্ৰতিনিধি সকলে লক্ ডাউনৰ মাজতেই বিতৰণ কৰি গৈছে খাদ্য সামগ্ৰী । সমষ্টিটোৰ আন আন স্থান সমূহৰ লগতে হোজাই লস্কৰপথাৰতো খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ উপস্থিত হয় সাংসদ গৰাকীৰ প্ৰতিনিধি সকল ।

দৰিদ্ৰলৈ সাহাৰ্য বিতৰণ

লস্কৰপথাৰত প্ৰায় তিনিশ দৰিদ্ৰ পৰিয়ালৰ মাজত নিত্য ব্যৱহাৰযোগ্য খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহালৈকে এনেদৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীৰ প্ৰতিনিধি সকলে ।

ABOUT THE AUTHOR

...view details