হোজাই,10 আগষ্টঃহোজাই জিলাৰ লংকা পট্টীৰ চতুৰ্থ শ্ৰেণীৰ এটি শিশু ৷ পেখিলা খেদাৰ বয়সত এক জটিল হৃদৰোগত আক্ৰান্ত হৈ দুৰ্ভোগ ভুগি আছে শিশুটিয়ে ৷ বিগত কেইবামাহো ধৰি এই জটিল অসুখৰ বাবে শয্যাগত হৈ আছে ৰিত চৰকাৰ নামৰ এই কণমানিটো ৷ ৰিত চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লাখ টকাৰ ৷ নিজ পুত্ৰৰ মুখলৈ চাই এতিয়া উপায়ন্তৰ মাতৃয়ে পুত্ৰৰ উন্নত চৰকাৰ তথা ৰাইজৰ পৰা অলপমান সহায় আশা কৰিছে ৷
পখিলা খেদাৰ বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হোজাইৰ এটি শিশু - patient's mother
এক জটিল হৃদৰোগত আক্ৰান্ত হৈ দুৰ্ভোগ ভুগি আছে হোজাইৰ ৰিত চৰকাৰ নামৰ এটি চতুৰ্থ শ্ৰেণীৰ শিশুৱে ৷ ৰিত চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লাখ টকাৰ ৷ কিন্তু পুত্ৰৰ চিকিৎসা কৰিব পৰাকৈ অলপো টকা নাই দৰিদ্ৰ মাতৃৰ হাতত ৷ সেয়ে চৰকাৰ তথা সুহৃদয়ৱান লোকৰ পৰা অলপ সহায় আশা কৰিছে দুৰ্ভগীয়া মাতৃয়ে ৷
![পখিলা খেদাৰ বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হোজাইৰ এটি শিশু mother urged some money for his son treatment at Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8363171-thumbnail-3x2-a.jpg)
পখিলা খেদাৰ বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হোজাইৰ এটি শিশু
পখিলা খেদাৰ বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হোজাইৰ এটি শিশু
কোনো সহৃদয়ৱান লোকে কণমানিটিক সহায় কৰিব বিচাৰিলে আৰ্থিক অনুদান আগবঢ়াব পাৰিব ভাৰতীয় ষ্টেট বেংক লংকা শাখাৰ মাতৃৰ একাউন্ট নম্বৰত ( মাতৃৰ একাউন্ট নম্বৰ 37959663227আৰু আই এফ এচ চি :SBIN0009144 ) ৷ আপোনাৰ এধানিমান সহায়ে সকাহ দিব দুৰ্ভগীয়া পৰিয়ালটোক ৷
লগতে পঢ়কঃতিনিচুকীয়াত কৰ’ণা ভাইৰাছত আক্ৰান্তক মাৰপিটৰ অভিযোগ