হোজাই, 6 আগষ্ট : পোন্ধৰ দিন পাৰ হ’ল, জানমণি নাহিল ৷ এতিয়াও ইন্দ্ৰই বিশ্বাস কৰি আছে, সেই পুলিচজনেই জানমণিক অপহৰণ কৰিছে ৷ তেনেকুৱা নাছিল জানমণি, ইন্দ্ৰৰ অগাধ বিশ্বাস আছে ৷ বহুত সপোন ৰচিছিল তাই, এনেকৈ বিশ্বাসঘাটকতা নকৰে ৷ জানমণিৰ দুখত ভাগি পৰিছে ইন্দ্ৰ ৷ জানমণি নোহোৱা হোৱাৰ দিন ধৰি দোকানখনো ভালকৈ খোলা নাই ইন্দ্ৰই ৷
বুকুত ইমান এটা দুখৰ বোজা লৈ কামত মন বহাই কেনেকৈ ? কোনোবা সময়ত বিশ্বাস কৰি ল’বলৈ মন যায় ইন্দ্ৰৰ, জানমণিয়ে তাক ঠগিলে ৷ কিন্তু মনে নামানে এই কথা ৷ ক’ত গ’ল বাৰু তাই ? অপহৰণ হ’লেতো কিবা খবৰ পালে হেতেন ৷ মানুহে কোৱাৰ দৰে তাই পলাই যোৱা নাইতো ? এনেকৈ এৰি গুচি যোৱাত কৈ মাৰি গুচি যোৱাই ভাল ৷ জানমণিৰ বিৰহত বাৰুকৈয়ে ভাগিছে ইন্দ্ৰ ৷
জানমণি কেনেকৈ নোহোৱা হ’ল ? ব’লক আকৌ এবাৰ কাহিনীৰ পৃষ্ঠা লুটিয়াই চাওঁ...
চাহ-ৰুটিৰ দোকানখন দিয়েই ইন্দ্ৰই পৰিয়াল চলাইছিল ৷ সেই টকাৰেই ৰিচাৰ্জ কৰি দিছিল জানমণিৰো স্মাৰ্ট ফোনৰ ৷ পুৱাই ইন্দ্ৰ দোকানলৈ ওলাই যায় আৰু জানমণিয়ে ভ্ৰমণ কৰে ফেচবুকৰ বহল সাগৰখনত ৷ এনেদৰেই এদিন ফেচবুকত জানমণিৰ চিনাকী হ’ল অসম আৰক্ষীত কৰ্মৰত এগৰাকী লোকৰ সৈতে ৷ চিনাকীৰ পৰা লাহে লাহে বন্ধুত্ব ৷ কোন তুমি, কি কৰাৰ পৰা বন্ধুত্ব লাহে লাহে গাঢ় হৈ পৰিল ৷ ফেচবুকৰ পৰা বন্ধুত্বই বাগৰ সলালে হোৱাটচ এপলৈ ৷ ইন্দ্ৰই কিন্তু এইবোৰ গম পোৱা নাছিল ৷
লগতে পঢ়ক :Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?
যোৱা 19 জুলাইত নগাঁৱলৈ ডাক্তৰৰ ওচৰত পেটৰ বিষ দেখুৱাবলৈ যাবলৈ ওলাল জানমণি ৷ নিজেই গাড়ীত উঠাই দিলে ইন্দ্ৰই ৷ কিন্তু জানমণি নগাঁও নাপালেগৈ ৷ আদবাটতে ভালুকমাৰীত বাছৰ পৰা নামি জানমণি বহিলগৈ এখন বিলাসী গাড়ীত ৷ সকলো দেখি আছিল বাছ চালক আৰু দুই এক চিনাকী লোকে ৷ জুই জ্বলিলেতো ধোঁৱা ওলাবৈ ৷ এই কথা গৈ কাণত পৰিল জানমণিৰ স্বামী ইন্দ্ৰৰ ৷