হোজাই, 11 জুন :এতিয়া আমৰ বতৰ ৷ আপুনিও চাগে আম খাই ভাল পায় ৷ কিন্তু এই বিশেষ আমটো খাবলৈ আপুনি হাজাৰবাৰ চিন্তা কৰিব লাগিব ৷ এই আমটো ক্ৰয় কৰিবলৈ হ'লে আপুনি খৰচ কৰিব লাগিব এটা মোটা অংকৰ ধন ৷ এই বিশেষ আমটোৰ মূল্য প্ৰায় 1.50 লাখ টকা (Most expensive mango in Hojai)৷
হোজাই জিলাৰ কাকীৰ পদুমপুখুৰীস্থিত চি আৰ পি এফ জোৱান শত্ৰুঘ্ন মুখীয়াৰ ঘৰত হোৱা এই বিশেষ আমগছডাল এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ জোৱানজনে 2021 চনৰ আগষ্ট মাহত কলিকতাৰ এখন নাৰ্চাৰীৰ পৰা 15,00 টকাত এটা আম পুলি ক্ৰয় কৰি আনিছিল ৷ শেহতীয়াকৈ সেই আমগছতে এটা আম লগাত মুখীয়াৰ পৰিয়ালৰ লগতে গাঁৱৰ লোকসকলেও আমটোক লৈ উদ্বিগ্ন হৈ পৰিছে ৷ জানিব পৰামতে মুখীয়াৰ ঘৰত লগা এই আমটো জাপানৰ এটি বিৰল আমৰ প্ৰজাতিৰ যাক কোৱা হয় EGG OF THE SUN ৷