অসম

assam

By

Published : Jun 15, 2023, 12:17 PM IST

Updated : Jun 15, 2023, 1:25 PM IST

ETV Bharat / state

Ajmal Super 40 : NEET ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষত চুপাৰ ৪০ৰ ছাত্ৰ

আজমল চুপাৰ ৪০ৰ ঐতিহাসিক সফলতা, ৩৫০গৰাকীতকৈ অধিক শিক্ষাৰ্থী উজলিল NEET ২০২৩বৰ্ষৰ পৰীক্ষাত ৷ ৬৯০ নম্বৰৰে উত্তৰ-পূৰ্বাঞ্চলত আজমল চুপাৰ ৪০য়ে গঢ়িলে অভিলেখ ৷

Ajmal Super 40
আজমল চুপাৰ ৪০

NEET ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষত চুপাৰ ৪০ৰ ছাত্ৰ

হোজাই, ১৫জুন : দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল চুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷ যাৰ ফলত সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল চুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ঐতিহাসিক ফলাফল প্ৰদৰ্শনেৰে জিলিকি উঠিবলৈ সক্ষম হৈছে ৷

NEET-২০২৩ বৰ্ষৰ পৰীক্ষাত আজমল চুপাৰ ৪০য়ে এক যুগান্তকাৰী সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছে ৷ ২০২৩ বৰ্ষৰ NEET পৰীক্ষাত ৩৫০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ NEET ২০২৩ৰ বাছনি পৰীক্ষাত আজমল চুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে খান জাইয়েদ আফ্ৰিদীয়ে ৷ তেওঁ ৭২০ নম্বৰৰ ভিতৰত ৬৯০নম্বৰ পাবলৈ সক্ষম হয় ৷ ইয়াৰ পিচতেই তছলিমা আহমেদ ৬৭১, ছাজিদ আহমেদ ৬৬২, আবু ৰাইহান বৰভূঁঞা ৬৬০, ফিৰদৌছ জামান ৬৫৮, আব্ৰাৰ ফাহিমুল হক ৬৫৪, নুৰজাহান বেগম ৬৫৩, নুৰজামাল হকে ৬৫৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ধুবুৰীত থকা আজমল চুপাৰ ৪০ৰ শাখাৰ পৰা মিজানুৰ ৰহমানে জীৱবিজ্ঞান( Biology)ত ১০০ শতাংশ নম্বৰ লাভ কৰে আৰু হোজাইৰ আজমল চুপাৰ ৪০ৰ পৰা খাইৰুল ইছলামে জীৱবিজ্ঞানত( Biology)ত ১০০ শতাংশ নম্বৰ লাভ কৰে । অৰ্থাৎ ৩৬০ নম্বৰৰ ভিতৰত ৩৬০নম্বৰ লাভ কৰে । এনে অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰ বাবে এইমছৰ দৰে দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত এইবাৰ বহুতে নামভৰ্তি কৰিব পাৰিব ।

সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাৱে পিছপৰা ৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল ৷ আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল ৷ লগতে প্ৰদান কৰা হৈছিল জলপানি ৷ ইয়াৰ উপৰিও অতি দুখীয়া মেধাৱী শিক্ষাৰ্থী সকলক থকা-খোৱাৰ ব্যৱস্থাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিছিল ।

উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ চিকিৎসক হোৱাৰ সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল চুপাৰ ৪০য়ে ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল ৷ আজমল চুপাৰ ৪০ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিন ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ অহৰহ চেষ্টা কৰিছিল ৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল চুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আজমল চুপাৰ ৪০ৰ এই যুগান্তকাৰী সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল । আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন ৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম আৰু মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদে আজমল চুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল চুপাৰ ৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে লগতে বিশেষকৈ সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনায় ।

আজমল ফাউণ্ডেচনৰ সঞ্চালক ড°খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল চুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়ণতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সকলো ৷ উল্লেখ্য যে ২০২০ বৰ্ষতো আজমল চুপাৰ ৪০ৰ পৰা ৮৪ গৰাকীয়ে NEETত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, ২০২১ বৰ্ষত ১৫০ গৰাকী আৰু ২০২২ বৰ্ষত ২৪০গৰাকীয়ে NEETত স্থান লাভ কৰিছিল । আজমল NEET ৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰশিক্ষণ তথা শিক্ষাৰ্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ৩৫০ত কৈ অধিক শিক্ষাৰ্থীয়ে NEET ২০২৩ বৰ্ষত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :Portal for admission to undergraduate level: স্নাতক মহলাত নামভৰ্তিৰ বাবে সমর্থ প’ৰ্টেল আৰম্ভ

Last Updated : Jun 15, 2023, 1:25 PM IST

ABOUT THE AUTHOR

...view details