হোজাই,১৯ আগষ্ট :হোজাই জিলাৰ লংকাত ৰহস্যজনক ঘটনা । মনসা পূজাৰ খাদ্য গ্ৰহণ কৰি আক্ৰান্ত হৈছে বহু লোক । মঙলবাৰে লংকাৰ ৭ নং ৱাৰ্ডৰ বকুল চন্দ্ৰ দাসৰ ঘৰত মনসা পূজাৰ আয়োজন কৰা হৈছিল ।
পূজালৈ ৱাৰ্ডটোৰ লোকসকল গৈছিল আৰু পূজাত প্ৰসাদকে ধৰি আন খাদ্য সামগ্ৰীও গ্ৰহণ কৰিছিল । কিন্তু তাৰ পাছতে লোকসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে । সাধাৰণ চিকিৎসা গ্ৰহণ কৰাৰ পাছতো এতিয়ালৈ সুস্থ হোৱা নাই বহুলোক । লোকসকলৰ বমি, জ্বৰ, মূৰ ঘূৰণি আদি হৈছে বুলি জানিব পৰা গৈছে ।