অসম

assam

ETV Bharat / state

হোজাইত মণিপুৰী ৰজা গম্ভীৰ সিংহৰ প্ৰতিমূৰ্তি স্থাপন - সদৌ লংকা মণিপুৰী ইন্টাৰক্লাৱ

হোজাই জিলাৰ সদৌ লংকা মণিপুৰী ইন্টাৰক্লাৱৰ উদ্য়োগত বালুহণ্ডৰত উন্মোচন কৰা হয় মণিপুৰৰ এসময়ৰ ৰজা গম্ভীৰ সিংহৰ প্ৰতিমূৰ্তি । গম্ভীৰ সিংহৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা পৰিষদৰ বিজেপিৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে উন্মোচন কৰে প্ৰতিমূৰ্তিটো ।

হোজাইত মণিপুৰী ৰজা গম্ভীৰ সিংহৰ প্ৰতিমূৰ্তি স্থাপন
হোজাইত মণিপুৰী ৰজা গম্ভীৰ সিংহৰ প্ৰতিমূৰ্তি স্থাপন

By

Published : Jan 10, 2021, 7:18 PM IST

হোজাই , ১০ জানুৱাৰী : হোজাই জিলাৰ সদৌ লংকা মণিপুৰী ইন্টাৰক্লাৱৰ উদ্য়োগত বালুহণ্ডৰত এক বিশেষ সভাৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় মণিপুৰৰ এসময়ৰ ৰজা গম্ভীৰ সিংহৰ প্ৰতিমূৰ্তি । গম্ভীৰ সিংহ (চিংলেন নোংদ্ৰেনখোম্বা)ৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা পৰিষদৰ বিজেপিৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে উন্মোচন কৰে প্ৰতিমূৰ্তিটো । অনুষ্ঠানত মণিপুৰীসমাজৰ লগতে বহু বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, মণিপুৰ ৰাজ্য আৰু মণিপুৰী সমাজৰ বাবে মহাৰাজ গম্ভীৰ সিংহৰ যথেষ্ট অৱদানৰ কথা বুৰঞ্জীত লিখা আছে । বুৰঞ্জী অনুসৰি, ১৮১৯ চনৰ পৰা ১৮২৬ চনলৈ প্ৰায় ৭ বছৰ কাল মণিপুৰত আধিপত্য স্থাপন কৰিছিল ব্ৰহ্মদেশৰ ৰজাই আৰু মণিপুৰীসকলক মণিপুৰৰ পৰা খেদি পঠিয়াইছিল । পিছত ৭ বছৰৰ অন্তত: অসমৰ কাছাৰ জিলাৰ পৰা সৈন্য-সামন্ত লৈ ৰজা গম্ভীৰ সিংহৰ নেতৃত্বত ব্ৰহ্ম ৰজাক আক্ৰমণ কৰি পুনৰ মণিপুৰত মণিপুৰীসকলক লৈ শান্তিপূৰ্ণ সাম্ৰাজ্য স্থাপন কৰিছিল । যাৰ বাবে এতিয়াও মণিপুৰীসমাজৰ মাজত প্ৰখ্যাত এই গৰাকী ৰজা ।

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হ'ল নৌকাচালনা প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details