অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল বাংলাদেশী : বিধায়ক শিলাদিত্য - আমিনুল ইছলাম

কেব বিৰোধী আন্দোলন সম্পৰ্কে বিস্ফোৰক মন্তব্য আগবঢ়াইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷ বিধায়কজনৰ মতে, কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল প্ৰকৃততে বাংলাদেশী ৷ শনিবাৰে হোজাইত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় বিধায়ক গৰাকীয়ে ৷

হোজাইত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত শিলাদিত্য দেৱ
কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল বাংলাদেশী : বিধায়ক শিলাদিত্য

By

Published : Dec 7, 2019, 8:36 PM IST

হোজাই,7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হোৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাচত এইবাৰ কেব বিৰোধী আন্দোলন সম্পৰ্কে বিস্ফোৰক মন্তব্য আগবঢ়াইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷ বিধায়কজনৰ মতে, কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল প্ৰকৃততে বাংলাদেশী ৷ অস্তিত্বহীন আৰু শক্তি নথকা সকলেহে বন্ধৰ আহ্বান কৰে বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাক শক্তিহীন বুলি কটাক্ষ কৰে শিলাদিত্য দেৱে ৷ সদনত আমিনুল ইছলামে দিয়া ভাষণ সম্পৰ্কতো তীৰ্যক মন্তব্য আগবঢ়ায় বিধায়ক শিলাদিত্যই ৷ তেওঁ কয় যে, ডিঙিত অসমীয়া গামোচা লৈ ভাষণ দিলেই অসমীয়া নহয় ৷

কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল বাংলাদেশী : বিধায়ক শিলাদিত্য

শনিবাৰে হোজাইত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় বিধায়ক শিলাদিত্য দেৱে। গড়কাপ্তানি বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ৰ সমান্তৰালকৈ মুকলি হ’ল সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় । হোজাইৰ নতুন বজাৰস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱন চৌহদত মুকলি কৰা হয় এই কাৰ্যালয়টো । হোজাই জিলা হিচাপে ঘোষণা হোৱাৰ পিছত জিলাবাসীৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে হোজাই ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু উপ-সংমণ্ডলৰ এই কাৰ্যালয় দুটা মুকলি কৰা হয় ।

লগতে চাওকঃআৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details