হোজাই,20মে': "মই আৱেগিক মানুহ, প্ৰয়োজন হ'লে গুৱাহাটীৰ পৰা হোজাইত দুৰ্নীতিত লিপ্ত হৈ থকা বিজেপি দলৰ নেতা জনৰ নাম ৰাজহুৱা কৰিম ৷ " আজি হোজাইৰ লংকাৰ 8নং ৱাৰ্ডত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে উপস্থিত থাকি সাংবাদিকৰ সমুখত এইদৰে মন্তব্য প্ৰকাশ কৰে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে ৷ ইয়াৰ লগতে আগন্তুক দিনত দুৰ্নীতিত লিপ্ত হৈ থকা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দিয়া হ'ব বুলিও কয় বিধায়কগৰাকীয়ে ৷ ইপিনে, বিধায়কগৰাকীয়ে বিগত 5বছৰত তেওঁ কৰা কামৰ খতিয়ান ডিচেম্বৰ -জানুৱাৰী মাহত সমষ্টিবাসীক দিয়া হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ আনহাতে আগন্তুক নিৰ্বাচনত বিধায়ক পদৰ বাবে কোনো লালসা নাই বুলি কৈ দলে টিকট নিদিলেও বিজেপি দলৰ কৰ্মী হৈ কাম কৰি যাব বুলি কয় বিধায়কগৰাকীয়ে৷
মই আৱেগিক মানুহঃবিধায়ক শিলাদিত্য দেৱ - MLA Siladitya deb
ডিচেম্বৰ -জানুৱাৰী মাহত সমষ্টিবাসীক দিয়া হ'ব বিগত 5বছৰত কৰা কামৰ খতিয়ান ৷আগন্তুক নিৰ্বাচনত বিধায়ক পদৰ বাবে কোনো লালসা নাইঃশিলাদিত্য দেৱ
মই আৱেগিক মানুহঃবিধায়ক শিলাদিত্য দেৱ
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হোজাইৰ সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰী সন্দৰ্ভত বিধায়কগৰাকীয়ে দলীয় কৰ্মীসকলে তেনে লোকৰ খবৰ ল'বলৈ যোৱাটো অনুচিত বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃকোন দিশে "আমাজন অফ ইষ্ট" দিহিং-পাটকাই বৰ্ষাৰণ্যৰ ভৱিষ্যৎ !