হোজাই, 23 ছেপ্তেম্বৰঃ চাকৰি সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে হোজাই জিলাৰ লংকা পৌৰসভা কৰ্মচাৰী সকলে বিধায়ক শিলাদিত্য দেৱক এক স্মাৰক পত্ৰ প্ৰদান কৰে । বিধায়কগৰাকীৰ জোৰাপুখুৰীস্থিত নিজ গৃহত লংকা পৌৰ সভাৰ কৰ্মী সকল উপস্থিত হৈ বিধায়কৰ জৰিয়তে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীলৈ এই স্মাৰক পত্ৰ প্ৰদান কৰে ।
বিধায়ক শিলাদিত্য দেৱৰ ঘৰত পৌৰকৰ্মীৰ হুংকাৰ ! - স্মাৰক পত্ৰ প্ৰেৰণ
ৰাজ্য চৰকাৰে 2013 চনৰ 4 ছেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰী সকলৰ চাকৰি,পৌৰ কৰ্মচাৰী সকলৰ তিনি মাহৰ পৰা 27 মাহ পৰ্যন্ত অনাদায় হৈ থকা দৰমহা অতি শীঘ্ৰে আদায় দিয়া আদিৰ দাবীৰে স্থানীয় বিধায়ক শিলাদিত্য দেৱক প্ৰদান কৰে এখন স্মাৰক পত্ৰ ৷
![বিধায়ক শিলাদিত্য দেৱৰ ঘৰত পৌৰকৰ্মীৰ হুংকাৰ ! MLA Shiladitya Dev received Memorandum by the municipal employees](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8908476-841-8908476-1600865540592.jpg)
বিধায়ক শিলাদিত্য দেৱক স্মাৰক পত্ৰ প্ৰদান পৌৰসভা কৰ্মচাৰীৰ
বিধায়ক শিলাদিত্য দেৱক স্মাৰক পত্ৰ প্ৰদান পৌৰসভা কৰ্মচাৰীৰ
ৰাজ্য চৰকাৰে 2013 চনৰ 4 ছেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰী সকলৰ চাকৰি,পৌৰ কৰ্মচাৰী সকলৰ তিনি মাহৰ পৰা 27 মাহ পৰ্যন্ত অনাদায় হৈ থকা দৰমহা অতি শীঘ্ৰে আদায় দিয়া আদিৰ দাবীৰে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে পৌৰকৰ্মী সকলে ৷ আনহাতে, পৌৰকৰ্মী সকলৰ দাবী সমূহ চৰকাৰে অতিশীঘ্ৰে পালন নকৰিলে অহা 28 ছেপ্তেম্বৰৰ পৰা 7 অক্টোবৰলৈকে 10 দিনীয়া অৱস্থান ধৰ্মঘট পালন কৰিব বুলিও হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত