অসম

assam

By

Published : Jun 12, 2021, 2:11 PM IST

ETV Bharat / state

কাকীত উচ্ছেদিত পৰিয়ালৰ কাষত বিধায়ক শিবু মিশ্ৰ

কাকীৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিয়ে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৷ কাকীৰ ৰবৰ বাগানৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় লামডিং সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷ লগতে ৰবৰ বাগানত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷

কাকীত উচ্ছেদিত পৰিয়ালৰ কাষত লামডিঙৰ বিধায়ক শিবু মিশ্ৰ
কাকীত উচ্ছেদিত পৰিয়ালৰ কাষত লামডিঙৰ বিধায়ক শিবু মিশ্ৰ

হোজাই, 12 জুন:শুকুৰবাৰে হোজাই জিলাৰ কাকীৰ উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ কাকীত উপস্থিত হৈ কাকীৰ ৰবৰ বাগানৰ বৰ্তমানৰ পৰিস্থিতি বুজ লয় লামডিং সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷ লগতে ৰবৰ বাগানত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷ ৰাইজৰ কাষত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে বিভিন্ন দল-সংগঠনৰ সদস্য ৷ লামডিঙৰ বিধায়ক গৰাকীয়ে ৰবৰ বাগানত বেদখলকাৰীয়ে অবৈধভাৱে ঘৰ বনোৱা কাৰ্যক তীব্ৰভাৱে গৰিহণা প্ৰদান কৰে ৷ লগতে ৰবৰ বাগান কাটি ধ্বংস কৰা কাৰ্যক কোনো পধ্যে সহ্য কৰা নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰে লামডিঙৰ বিধায়ক গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details