অসম

assam

By

Published : Aug 28, 2021, 11:13 AM IST

ETV Bharat / state

লামডিঙত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ দুগৰাকী কিশোৰী

শুকুৰবাৰে হোজাইৰ লামডিঙৰ দুটাকৈ স্থানত অভিযান চলাই চাইল্ড লাইনৰ বিষয়াই । চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ দুগৰাকী কিশোৰী । এগৰাকী কিশোৰীক লামডিঙৰ বাংলা বজাৰৰ এজন যুৱকে বিয়া কৰাই লামডিঙলৈ আনিছিল ।

minor girl rescued in Lumding
লামডিঙত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ দুগৰাকী কিশোৰী

হোজাই, ২৮ আগষ্ট: আইনৰ কঠোৰ শাস্তি, সজাগতামূলক অভিযানক অসাৰ প্ৰতিপন্ন কৰি সমাজৰ একাংশ লোকে বাল্য বিবাহৰ দৰে অপৰাধ সংঘটিত কৰিয়েই আছে । পৰিয়ালৰ হেঁচা, নিজৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সাহস কৰি নোৱাৰি বহু কিশোৰীয়ে বাল্য বিবাহৰ বাবে বাধ্য হ'বলগীয়া হৈছে । এনে বহু কিশোৰীক ইতিমধ্যে চাইল্ড লাইনে উদ্ধাৰ কৰি জীৱনটো নতুনকৈ উপভোগ কৰাৰ পথ দেখুৱাইছে । শুকুৰবাৰে হোজাইৰ লামডিঙত অভিযান চলাই চাইল্ড লাইনৰ বিষয়াই উদ্ধাৰ কৰে দুগৰাকী কিশোৰী ।

এগৰাকী কিশোৰীক লামডিঙৰ বাংলা বজাৰৰ পৰা উদ্ধাৰ কৰে । কেইদিনমান পূৰ্বে লংকাৰ ১৭ বছৰীয়া কিশোৰীগৰাকীক লামডিঙৰ বাংলা বজাৰ নিবাসী সুবল দাস নামৰ এজন যুৱকে বিয়া কৰাই লামডিঙলৈ আনিছিল ৷ এই সন্দৰ্ভত চাইল্ড লাইনৰ অনুসন্ধান অব্যাহত আছিল । অৱশেষত শুকুৰবাৰে চাইল্ড লাইনৰ বিষয়াসকলে সুবল দাসৰ ঘৰৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে ।

আনহাতে, আনগৰাকী কিশোৰীক লামডিং ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ বহিঃৰাজ্যৰ পৰা ৰে'লেৰে অকলে যাত্ৰা কৰি আহি আছিল কিশোৰীগৰাকী । লামডিং ৰে'ল আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চাইল্ড লাইনক চমজাই দিয়ে ৷

কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, পাটনা ৰে'ল ষ্টেচনৰ পৰা তেওঁক স্বামীয়ে ৰে'লত উঠাই দিছিল ৷ কিন্তু আৰক্ষীৰ সন্দেহ হোৱাত লামডিঙত ষ্টেচনত কিশোৰীগৰাকীক নমাই দিয়ে ৷ কিশোৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ ঘৰ শিমলুগুৰিত ।

পাটনাৰ পৰা শিমলুগুৰিলৈ আহিছিল বুলি কিশোৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমান চাইল্ড লাইনে কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে । লগতে পৰিয়ালৰ লগত যোগাযোগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: লংকাৰ গুৰুদ্বাৰ পৰিদৰ্শন বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ

ABOUT THE AUTHOR

...view details