অসম

assam

ETV Bharat / state

Minor Girl Rescued in Hojai : বিবাহৰ বাবে বাধ্য কৰা হৈছিল এগৰাকী নাবালিকাক

মঙলবাৰে হোজাই জিলাৰ পুৰণা কাকী হায়ং থলৰ পৰা চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ হয় এগৰাকী নাবালিকা(Minor girl rescued in an operation carried by child line in Hojai) ৷ সম্প্ৰতি আৰক্ষীৰ সহযোগত হোজাই চাইল্ড লাইনে নাবালিকাগৰাকীক উদ্ধাৰ কৰি নগাঁও শিশু গৃহলৈ প্ৰেৰণ কৰে ৷

By

Published : Dec 8, 2021, 6:32 PM IST

minor-girl-rescued-in-an-operation-carried-by-child-line-in-hojai
হোজাই জিলা চাইল্ড লাইনৰ তৎপৰতাত নাবালিকা উদ্বাৰ

হোজাই , 8 ডিচেম্বৰ :আইনৰ কঠোৰ শাস্তি, সজাগতামূলক অভিযানক অসাৰ প্ৰতিপন্ন কৰি সমাজৰ একাংশ লোকে বাল্য বিবাহৰ দৰে অপৰাধ সংঘটিত কৰিয়েই আছে । পৰিয়ালৰ হেঁচা, নিজৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সাহস কৰি নোৱাৰি বহু কিশোৰীয়ে বাল্য বিবাহৰ বাবে বাধ্য হ'বলগীয়া হৈছে । এনে বহু কিশোৰীক ইতিমধ্যে চাইল্ড লাইনে উদ্ধাৰ কৰি জীৱনটো নতুনকৈ উপভোগ কৰাৰ পথ দেখুৱাইছে ।

মঙলবাৰে হোজাই জিলাৰ কাকী পৰা উদ্ধাৰ হয় এগৰাকী নাবালিকা ৷ হোজাই জিলা চাইল্ড লাইনৰ তৎপৰতাত পুৰণা কাকী হায়ং থলৰ পৰা উদ্ধাৰ হয় নাবালিকা গৰাকী(Minor girl rescued in an operation carried by child line in Hojai) ৷

ঘটনা অনুসৰি হায়ংথলৰ প্ৰসেনজিৎ দাস নামৰ যুৱকজনে প্ৰায় তিনিমাহ পূৰ্বে কাকী মিলনপুৰৰ পৰা পলোৱাই আনি বিয়া পতাৰ উদ্দেশ্যে নাবালিকাগৰাকীক শিৰত সেন্দুৰ দি নিজৰ ঘৰতে ৰাখিছিল ৷ পৰৱৰ্তী সময়ত হোজাই চাইল্ড লাইনে এই ঘটনাৰ খবৰ পোৱাত কাকী আৰক্ষীৰ সৈতে প্ৰসেনজিতৰ ঘৰত উপস্থিত হয় ৷ লগতে আৰক্ষীৰ সহযোগত হোজাই চাইল্ড লাইনে নাবালিকাগৰাকীক উদ্ধাৰ কৰি নগাঁও শিশু গৃহলৈ প্ৰেৰণ কৰে ৷

অৱশ্যে আৰক্ষী আৰু হোজাই চাইল্ড লাইন উপস্থিত হোৱাৰ উমান পাই শিশু আইন ভংগকাৰী প্ৰসেনজিৎ ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ এই পৰ্যন্ত আৰক্ষীয়ে পলাতক প্ৰসেনজিতক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ যদিও সোধপোছৰ বাবে প্ৰসেনজিতৰ পিতৃ কান্তী দাসক থানালৈ লৈ আহে আৰক্ষীয়ে ৷

লগতে পঢ়ক :চকীহোলাৰ হত্যাকাণ্ড: অৱশেষত উদ্ধাৰ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details