অসম

assam

ETV Bharat / state

হোজাই ষ্টেছনত উদ্ধাৰ ১৫ বছৰীয়া কিশোৰী - hojai minor girl rescue

হোজাই ষ্টেছনত ৰহস্যজনক অৱস্থাত এগৰাকী কিশোৰী উদ্ধাৰ । সৰস্বতী পূজাৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল কিশোৰী গৰাকী ৷

হোজাই
হোজাই ষ্টেছনত উদ্ধাৰ ১৫ বছৰীয়া কিশোৰী

By

Published : Feb 8, 2020, 8:27 PM IST

হোজাই, 8 ফেব্ৰুৱাৰীঃ হোজাই ৰে'ল ষ্টেছনৰ 1 নং প্লেট ফর্মত শুকুৰবাৰে নিশা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী ১৫ বছৰীয়া কিশোৰী । ষ্টেছনত অনাই-বনাই ফুৰি থকা অৱস্থাত উদ্ধাৰ কৰা কিশোৰী গৰাকী গহপুৰ খাটবাৰীৰ বুলি পৰিচয় দিয়ে । সৰস্বতী পূজাৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল বুলি কিশোৰী গৰাকীয়ে ভাষ্য প্ৰদান কৰে আৰক্ষীৰ আগত । উল্লেখ্য যে, উদ্ধাৰ হোৱা কিশোৰী গৰাকীক মানৱ সৰবৰাহকাৰী চক্ৰই লৈ অনাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও পৰিস্ফুট হোৱা নাই প্ৰকৃত কাৰণ । আনহাতে, ৰে'ল আৰক্ষীয়ে গহপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি চাইল্ড লাইন কৰ্তৃপক্ষৰ জিম্মাত গতাই দিয়ে কিশোৰী গৰাকীক ।

হোজাই ষ্টেছনত উদ্ধাৰ ১৫ বছৰীয়া কিশোৰী

ABOUT THE AUTHOR

...view details