হোজাই,21 ফেব্ৰুৱাৰী :হোজাইত সংঘটিত হৈছে এক জঘন্য ঘটনা । হোজাইৰ বৰহোলা গাঁৱত 8 বছৰীয়া কন্যাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে পুৱা বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে এটি আঠ বছৰীয়া কন্যাৰ মৃতদেহ ৷
মৃত শিশুটিৰ মোমায়েকৰ নিশা হৈছিল বিবাহৰ অনুষ্ঠান । বিবাহৰ অনুষ্ঠানৰ মাজতে শিশুটিক পথাৰত নি দুৰ্বৃত্তই ধৰ্ষণ কৰি অতি নৃশংসভাবে হত্যা কৰি পেলাই থৈ যায় । পৰৱৰ্তী সময়ত দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি হোজাই আৰক্ষীক অৱগত কৰে । সেইমতে আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত চলাই ঘটনাটো সংঘটিত কৰা জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।