অসম

assam

ETV Bharat / state

হোজাইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ - বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

বছৰৰ প্ৰথমটো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা হোজাই জিলাৰ বিভিন্ন অঞ্চলসমূহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী সঞ্জয় কিষাণে (Sanjay Kishan at Hojai) ৷ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকতো মিলিত হয় ৷

minister-sanjay-kisan-visited-the-flood-effected-area-in-hojai
হোজাইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ

By

Published : Jun 11, 2022, 8:46 AM IST

Updated : Jun 11, 2022, 9:18 AM IST

হোজাই, 11 জুন: শুকুৰবাৰে বছৰৰ প্ৰথমটো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা হোজাই জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ চাহ জনগোষ্ঠী উন্নয়ন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ জিলাখনত উপস্থিত হয় (Minister Sanjay Kisan visited the flood effected area) ৷

মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগ, হোজাইৰ সহযোগত অনুষ্ঠিত হোৱা বান সংক্ৰান্তীয় এখন সভাত উপস্থিত থাকি বিভিন্ন বিভাগসমূহৰ এই সময়ছোৱাত হোৱা বিভিন্ন আঁচনিৰ ক্ষয়ক্ষতিৰ তথ্যৰ লগতে কেনেদৰে সাহাৰ্য আগবঢ়াইছে তাৰ ওপৰত মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনা কৰে (Sanjay Kishan at Hojai) ।

এই সভাতে অতিৰিক্ত উপায়ুক্ত তথা CEO, DDMA উৰ্মি মেধিয়ে পাৱাৰ পইন্ট প্ৰেজেণ্টটেছনৰ জৰিয়তে বান ক্ষতিগ্ৰস্ত হোৱা হোজাই, ডবকা আৰু লংকা চক্ৰৰ অধীনৰ অঞ্চলসমুহ, উদ্ধাৰ আৰু সাহাৰ্য তথা বানাক্ৰান্ত অঞ্চলৰ বিস্তৃত তথ্য মন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰে । সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগসমূহৰ এই সময়ছোৱাত হোৱা বিভিন্ন আঁচনিৰ ক্ষয়ক্ষতিৰ তথ্যৰ লগতে কেনেদৰে সাহাৰ্য আগবঢ়াইছে তাৰ ওপৰত মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনা কৰে ।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৈঠক মন্ত্ৰী সঞ্জয় কিষাণৰ

মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহে ৰূপায়ণ কৰিব লগীয়া আঁচনিসমুহ অতি সোনকালে ৰূপায়ণ কৰিবৰ বাবে অনুৰোধ জনায় । অংগনবাদী কেন্দ্ৰৰ আঁচনি, গড়কাপ্তানী বিভাগৰ পথ, মীন বিভাগৰ আঁচনি, কৃষি বিভাগৰ শস্যৰ খেতিৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে স্বাস্থ্য বিভাগৰ জৰিয়তে আক্ৰান্ত ৰাইজৰ বেমাৰ -আজাৰ আৰু চিকিৎসা সাহাৰ্যৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

এই সভাত উপস্হিত থাকে অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে গকুল চন্দ্ৰ ব্ৰহ্ম, ৰক্তিম বৰুৱা, উৰ্মি মেধি, চক্ৰবিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, কৃষি বিভাগ, সমাজ কল্যাণ বিভাগ, পশুপালন বিভাগ, জলসম্পদ বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, জলসিঞ্চন বিভাগ, বন বিভাগ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগ আদি বিভাগসমূহৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

Last Updated : Jun 11, 2022, 9:18 AM IST

ABOUT THE AUTHOR

...view details