হোজাই, 19 নৱেম্বৰ :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ হোৱা হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত শুকুৰবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা । বনাঞ্চলখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লামডিং বনাঞ্চলৰ ভূমিত পুনৰ বেদখল হ’ব দিয়া নহ’ব বুলি হুংকাৰ দি বনাঞ্চলখনত উচ্ছেদ কৰা ৭২৬ টা পৰিয়ালৰ নব্বৈৰ পৰা পঞ্চানব্বৈ শতাংশ লোকৰ অন্য ঠাইত নিজৰ মাটি-বাৰী আছিল বুলি প্ৰকাশ কৰে । তেওঁ লগতে মাত্ৰ দহ শতাংশ লোকহে ভূমিহীন আছিল বুলি উল্লেখ কৰে । মন্ত্ৰী হাজৰিকাই এই ভূমিহীনসকলক চৰকাৰে পৰ্যবেক্ষণৰ অন্তত সংস্থাপন কৰিব বুলি জানিবলৈ দিয়ে ।
লামডিং বনাঞ্চলৰ উচ্ছেদস্থলী পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ - লামডিং সংৰক্ষিত বনাঞ্চল
চৰকাৰী বনাঞ্চলৰ ভূমিত পুনৰ বেদখল হ’ব নিদিয়াৰ হুংকাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ । বেদখলকাৰীসকলক নিজৰ ভূমিলৈ ঘূৰি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ।
আনহাতে অবৈধভাৱে বনাঞ্চলখনৰ ভূমি দখল কৰি থকা বাকী ভূমি থকা লোকসকলক সংস্থাপন কৰাৰ প্ৰশ্নই নুঠে বুলি উল্লেখ কৰি সেই লোক সকলক নিজৰ নিজৰ ঠাইলৈ যাবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰী ভূমিত বেদখল হ’লে চৰকাৰ বহি থাকিব নোৱাৰে বুলি মন্তব্য কৰি এই ভূমি কোনোবাই বিক্ৰী কৰা-নকৰাৰ কথা প্ৰযোজ্য নহয় বুলি কয় । ইপিনে অস্থায়ী শিবিৰত থকা একাংশ উচ্ছেদিতই এই উচ্ছেদকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । শিবিৰসমূহত বিভিন্ন সমস্যাত দিন অতিবাহিত কৰা এইসকল লোকে মন্ত্ৰীগৰাকীক সন্মুখীন হোৱা সমস্যাৰাজিৰ বিষয়ে প্ৰকাশ কৰিব বিচাৰিছিল যদিও মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰি তীব্ৰ বেগত সেই স্থান ত্যাগ কৰে ।
লগতে পঢ়ক :লামডিং বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা ভূ মাফিয়াৰ সংখ্যা 5টালৈ বৃদ্ধি