হোজাই,২৪ জুলাই:হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে নিশা বানৰ ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ নিয়োগ কৰা পুণৰীক্ষণ দলৰ সৈতে বৈঠকত মিলিত হয় স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্ত (Flood review meeting in Hojai)। সভাখনত প্ৰতিটো দলে প্ৰস্তুত কৰা তালিকাৰ বিষয়ে বিতংভাৱে বুজ লৈ পৰৱৰ্তী দিনত প্ৰতিটো ৰাজহ চক্ৰতে সঠিকভাৱে তালিকাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই । এই বৈঠকখনত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী,ৰাজ্য চৰকাৰৰ যুটীয়া সচিব তথা অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক প্ৰদীপ টিমুং,উপ-সচিব তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰনবীৰ বৰা উপস্থিত থাকে ।
উল্লেখ্য় যে, হোজাই জিলাৰ বান ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহৰ বাবে প্ৰশাসনে চলোৱা জৰীপকাৰ্যৰ বিষয়ে চৰজমিন বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ বানে প্ৰভাৱিত কৰা অঞ্চল সমূহত উপায়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া জৰীপকাৰী দলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা ক্ষয়-ক্ষতিৰ তালিকাত হোজাই ৰাজহচক্ৰৰ ৫৪ খন গাঁও, ডবকা ৰাজহ চক্ৰৰ ২২খন গাঁও আৰু লংকা ৰাজহ চক্ৰৰ ১২ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।