হোজাই, 24 জুলাই :দেওবাৰে হোজাইত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta in Hojai) ৷ হোজাইৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ক্ষয়-ক্ষতিৰ পৰিমাণ বুজ লয় ৷ লগতে বন্যাৰ্তৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী কেশৱ মহন্তই ৷
হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ এই বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা সময়চোৱাত মন্ত্ৰীগৰাকীয়ে সংবাদিকৰ আগত কয় যে বানৰ সময়ত ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিছে এক বিশেষ কমিটি ৷ এই কমিটিৰ পুনৰীক্ষণকাৰী দলটোৱে হোজাই জিলাখনৰ তিনিওটা ৰাজহ চক্ৰতে ক্ষতিগ্ৰস্ত ৰাইজৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰি আছে (Damage caused by floods)৷
ভগ্ন পথাংশ তৎকালীনভাৱে পুনৰ নিৰ্মাণ শনিবাৰৰ পৰা জিলাখনৰ অৱৰ্ত ভৱনত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে বিভাগৰ মূৰব্বীসকল সৈতে দেওবাৰে জিলাখনৰ কিছু স্থান পৰিভ্ৰমণ কৰে (Minister Keshab Mahanta visited Flood effected area of Hojai) ৷ আনকি মন্ত্ৰীগৰাকীয়ে হোজাই ৰায়কতা কছাৰি গাঁওখনত বানে বিধ্বস্ত কৰা গড়কাপ্তানি পথ পৰিদৰ্শন কৰি স্থানীয় ৰাইজে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে বুজ লয় ৷
লগতে ভগ্ন পথাংশ তৎকালীনভাৱে পুনৰ নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে মন্ত্ৰী কেশৱ মহন্তই । দেওবাৰে হোজাই এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই বিজেপি জিলা সভাপতি অনুপ দেৰ লগতে কেইবাগৰাকীও দলীয় সদস্য ৷
লগতে পঢ়ক :Meeting on flood damage: বৰপেটাত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক