হোজাই,২৩ জুলাই :শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন জিলা ক্ষতিগ্ৰস্ত হৈছে (Flood affects Assam)। একাংশ জিলাৰ বহু গাঁও একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে । যাৰ বাবে প্ৰতিখন জিলাৰে ক্ষয়ক্ষতিৰ বুজ ল'বলৈ ৰাজ্যৰ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে । এই নিৰ্দেশৰ পাছতে হোজাই জিলাত উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta at Hojai)।
হোজাইৰ সদৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ বানৰ ক্ষয়ক্ষতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই । সমান্তৰালকৈ জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে বিগত দিনত হৈ যোৱা বানত হোজাই জিলাখনৰ ক্ষয়ক্ষতি সম্পৰ্কে পৰ্যালোচনা বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী ।
হোজাইত বানৰ ক্ষয়ক্ষতি পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ উল্লেখ্য যে, হোজাই জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে হোজাইৰ ৫৪ খন গাঁও, লংকাৰ ১২ খন গাঁও আৰু ডবকাৰ ২২ খন গাঁৱৰ সৰ্বমুঠ ৫,৩১৪ টা পৰিয়ালৰ ঘৰ বানত ক্ষতিগ্ৰস্ত হৈছে । উক্ত ক্ষয়ক্ষতি সন্দৰ্ভত হোজাই জিলা উপাযুক্তই প্ৰস্তুত কৰা তালিকাও মন্ত্ৰীগৰাকীয়ে পৰ্যৱেক্ষণ কৰে । আনহাতে হোজাই জিলাখনৰ বানত ক্ষয়ক্ষতি হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিব মন্ত্ৰীসহ ৰাজ্য চৰকাৰৰ তিনিজনীয়া উচ্চপদস্থ বিষয়াৰ নেতৃত্বৰ ৬০ জনীয়া গোটে । উক্ত ৬০ জনীয়া গোটে হোজাই জিলাৰ তিনিটা ৰাজহ চক্ৰত ১২ টা গোটত বিভক্ত হৈ পৰ্যৱেক্ষণ কৰি নিশা পুনৰ তেওঁলোক আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে মন্ত্রী কেশৱ মহন্তই ।
লগতে পঢ়ক :BJP election drive Begins: দিশহাৰা বিৰোধীৰ বিপৰীতে ১৪ সমষ্টিক লৈ বিজেপিৰ ৰণসজ্জা আৰম্ভ