ডিফু, 21 অক্টোবৰ : হোজাইত 2022 চনৰ ভোটাৰ তালিকা(Voters List)ৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷ হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনুপম চৌধুৰীৰ অধ্যক্ষতাত জিলখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন ৷
উক্ত সভাত উপায়ুক্তই হোজাই জিলাৰ অধীনষ্ঠ 90 নং যমুনামুখ, 91 নং হোজাই আৰু 92 নং লামডিং বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম 1 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে । যিসকল নাগৰিকে 1 নৱেম্বৰত 18 বছৰ বয়স সম্পূৰ্ণ কৰিব, তেওঁলোকে উক্ত তাৰিখৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া(BLO)ৰ পৰা 6 নং প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷
লগতে প্ৰ-পত্ৰসমূহ শুদ্ধকৈ পূৰণ কৰি সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া, সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া(AERO) অথবা স্থানীয় চক্ৰ বিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব পাৰিব ৷ যদি কোনো ভোটাৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলগীয়া থাকে তেন্তে 7 নং প্ৰ-পত্ৰ, নাম স্থানান্তৰ কৰিবৰ বাবে 8(ক) নং প্ৰ-পত্ৰ আৰু নাম, বয়স, সম্বন্ধ, ফটো আদি শুধৰণি কৰিবলগীয়া থাকিলে 8 নং প্ৰ-পত্ৰ পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত জমা দিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে সভাত অৱগত কৰে ।