হোজাই,17 আগষ্টঃ চৰকাৰৰ বৰ্তমানৰ স্থিতিক লৈ হোজাই জিলাৰ কাকী ডেৰাপথাৰত জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত হোজাই জিলা খিলঞ্জীয়া জাতি জনগোষ্ঠী উন্নয়ন পৰিষদৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাখনত বিভিন্ন চৰকাৰী আঁচনি সমূহ খিলঞ্জীয়া ৰাইজৰ মাজত কাৰ্যকৰী নোহোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সদস্য সকলে।
সভাত হোজাই জিলা খিলঞ্জীয়া মঞ্চৰ সভাপতি প্ৰফুল্ল হাফিলায়ে অসমৰ কৃতিচিহ্ন সমূহ ৰক্ষনা-বেক্ষণৰ লগতে খিলঞ্জীয়া সকলক ব্যৱসায়-বানিজ্য , ৰাজনৈতিক ক্ষেত্ৰত সমান অধিকাৰ দিবলৈ সকলো ৰাজনৈতিক দল তথা চৰকাৰক আহ্বান জনাই । হোজাই জিলাত খিলঞ্জীয়া লোক সকলে দীৰ্ঘ দিনৰে পৰা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি আন এক অভিযোগ কৰে ।