হোজাই, ৩ ছেপ্টেম্বৰ: দেশৰ পৰা পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যেৰে সকলোকে সজাগ কৰিবলৈ প্ৰতি বছৰে পালন কৰা হয় "ৰাষ্ট্ৰীয় পোষণ মাহ" । প্ৰতি বছৰে ১ ছেপ্টেবৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ পালন কৰা হয় "মাত্ৰু বন্দনা সপ্তাহ" । অসমতো এই উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । বুধবাৰে হোজাই জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত "ৰাষ্ট্ৰীয় পোষণ মাহ" আৰু "মাত্ৰু বন্দনা সপ্তাহ"ৰ শুভাৰম্ভণি কৰা হয় ।
জিলা পৰ্যায়ত উদযাপন হ'বলগীয়া "মাত্ৰু বন্দনা সপ্তাহ" আৰু "ৰাষ্ট্ৰীয় পোষণ মাহ"ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী, সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, জিলা সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া, বিভাগীয় কর্মচাৰী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল । প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব জিলাখনত ।