অসম

assam

ETV Bharat / state

হোজাইত বিধ্বংসী অগ্নিকাণ্ড - হোজাই জিলা

হোজাইৰ উদালী তিনিআলি বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ অগ্নিকাণ্ডত 14 খন বিপণী সম্পূৰ্ণৰূপে ভস্মীভূত ৷

massive fire engulfed udali tiniali bazar in hojai
হোজাইৰ উদালী তিনিআলী বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

By

Published : Mar 31, 2021, 10:02 AM IST

হোজাই,31 মাৰ্চ:মঙলবাৰে নিশা হোজাই জিলাৰ উদালী তিনিআলি বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 14 খনকৈ বিপণী ৷ অগ্নিকাণ্ডটোৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি স্থানীয় ৰাইজে আশংকা কৰিছে ৷

অগ্নিকাণ্ডৰ ফলত 14 খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত

নিশা সংঘটিত এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ স্থানীয় ৰাইজে জনোৱা মতে, অগ্নি নিৰ্বাপক বাহিনী কিছু পলম হ'লেও ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ অনাত সক্ষম হয় ৷

লগতে পঢ়ক:ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details