অসম

assam

ETV Bharat / state

লংকাত সাংবাদিক আৰু আৰক্ষীক মাস্ক-ছেনিটাইজাৰ বিতৰণ - Mask and Sanitizer

শুক্ৰবাৰে ঔম প্ৰকাশ প্ৰমিলা দেৱী সোঁৱৰণী ট্ৰাষ্ট উদ্যোগত লংকা আৰক্ষী থানাৰ চৌহদত টাষ্টৰ অধ্যক্ষ ৰোহিত আগৰৱালাই মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে। লংকাৰ প্ৰায় ২০ গৰাকী সাংবাদিক আৰু সকলো আৰক্ষীৰ হৈ লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজোতি শৰ্মাক মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে।

Mask and Sanitizer distributed to Journalist and Police at Hojai
লংকাত সাংবাদিক আৰু আৰক্ষীক মাস্ক-ছেনিটাইজাৰ বিতৰণ

By

Published : May 16, 2020, 3:02 PM IST

Updated : May 17, 2020, 12:49 PM IST

হোজাই,16মে'ঃ COVID19ৰ আতংকৰ মাজতে সাংবাদিক তথা আৰক্ষীৰ লোকসকলে নিজৰ জীৱনৰ কথা নাভাৱি তথা পৰিয়ালৰ কথাও নাভাৱি দিনে নিশাই জনসাধাৰণৰ বাবে উৎসৰ্গিত কৰি আহিছে ৷ তেনে সময়তে আৰক্ষী তথা সাংবাদিকৰ লোকসকলক উৎসাহ যোগোৱাৰ বাবে ঔম প্ৰকাশ প্ৰমিলা দেৱী সোঁৱৰণী ট্ৰাষ্টৰ উদ্যোগত হোজাইৰ লংকা আৰক্ষী থানাৰ চৌহদত ট্ৰাষ্টৰ অধ্যক্ষ ৰোহিত আগৰৱালাই মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে। লংকাৰ প্ৰায় ২০ গৰাকী সাংবাদিক আৰু সকলো আৰক্ষীৰ হৈ লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজোতি শৰ্মাক মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে। আনহাতে সাংবাদিকৰ আগত ৰোহিত আগৰৱালাই সাংবাদিক আৰু আৰক্ষীসকলৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ অৰ্থে ট্ৰাষ্টৰ তৰফৰ পৰা এই কাৰ্যসূচী হাতত লোৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷

লংকাত সাংবাদিক আৰু আৰক্ষীক মাস্ক-ছেনিটাইজাৰ বিতৰণ
Last Updated : May 17, 2020, 12:49 PM IST

ABOUT THE AUTHOR

...view details