হোজাই, 21 এপ্ৰিল : হোজাই জিলা লংকা ইছলামবস্তি মছজিদত মাৰপিটৰ ঘটনা সংঘটিত ৷ মছজিদত মাস্ক পৰিধান কৰিবলৈ কোৱাত মছজিদ পৰিচালনা সমিতিৰ সদস্যক প্ৰহাৰ এজন যুৱকৰ । ৰাজ্যৰ চৌদিশে এতিয়া কৰ’ণাৰ সন্ত্ৰাস । ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে মাস্ক তথা চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । কিন্তু ইয়াৰ বিপৰীতে লংকাৰ ইছলামবস্তিৰ মছজিদত দিনৰ নামাজ পঢ়ি শেষ হোৱাৰ পিছতে মছজিদ পৰিচালনা সমিতিয়ে মুছলমান ৰাইজক ক’ভিড সম্পৰ্কে জ্ঞান দিয়াৰ লগতে ক’ভিড প্ৰট’কল মানি উপস্থিত সকলোকে মাস্ক পৰিধান কৰি মছজিদত অহাৰ আহ্বান জনায় ।
লংকাৰ ইছলামবস্তি মছজিদত মাৰপিট সংঘটিত - জিলা প্ৰশাসন
হোজাইৰ লংকাৰ ইছলামবস্তি মছজিদত মাস্ক পৰিধানক কেন্দ্ৰ কৰি মাৰপিট সংঘটিত ৷ মছজিদ পৰিচালনা সমিতিয়ে মুছলমান ৰাইজক ক’ভিড প্ৰট’কল মানি মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনাইছিল ৷ সমিতিৰ এই আহ্বানক গণ্য নকৰি একাংশই মাৰপিটত লিপ্ত হয় ৷
হোজাই জিলা লংকা ইছলামবস্তি মছজিদত মাৰপিটৰ ঘটনা
কিন্তু মছজিদ পৰিচালনা সমিতিৰ এই আহ্বানক লোকমান আহমেদ নামৰ এজন যুৱকে নামানি পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয় । যুৱকজনে পৰিচালনা সমিতিৰ সদস্য আব্দুল মতিমক শাৰিৰীকভাৱে প্ৰহাৰ কৰি আঘাত কৰে । অৱশেষত লোকমান আহমেদৰ বিৰুদ্ধে মছজিদ পৰিচালনা সমিতিয়ে লংকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক :মুম্বাইৰ অলিয়ে গলিয়ে ৰণবীৰ-তামান্না