হোজাই,১১ মে': ৰাজ্যৰ আন আন জিলাৰ লগতে হোজাই জিলাতো দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা । জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা জিলাখনৰ সাপ্তাহিক বজাৰৰ লগতে আন সকলো বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ।
অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব হোজাইৰ সকলো বজাৰ - অনিৰ্দিষ্ট কাললৈ বন্ধ
বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো বজাৰ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ।
লংকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ লোচন ৰঞ্জন তালুকদাৰে কয় যে, জিলাখনৰ উপায়ুক্ত সংনেক সিঙে এক নিৰ্দেশযোগে জাৰি কৰিছে বজাৰ বন্ধৰ কথা ঘোষণা কৰিছে । ক'ভিডৰ গণ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । কিয়নো, বজাৰসমূহ খোলা থাকিলে প্ৰায়ে একাংশ লোকে ক'ভিড বিধি ভংগ কৰা পৰিলক্ষিত হয় ।
সামাজিক দূৰত্ব মানি চলা দূৰৰে কথা, মুখত মাস্ক পৰিধান কৰাৰো প্ৰয়োজনবোধ নকৰে একাংশ লোকে । সেয়ে, বজাৰত গণ সংক্ৰমণৰ আশংকা থাকে । বৰ্তমান মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ কেইবাখনো জিলাত সাপ্তাহিক বজাৰ বন্ধ কৰি ৰখা হৈছে ।
লগতে পঢ়ক: ক'ভিড ৰোগীৰ বাবে সাজু নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়