অসম

assam

ETV Bharat / state

Operation against child marriage: হোজাইত বাল্য বিবাহৰ লগত জড়িত 88 জন আটক

বৃহস্পতিবাৰৰ নিশাৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰোধী অভিযান (Operation against Child marriage) ৷ বৰ্তমানলৈকে হোজাই জিলা আৰক্ষীয়ে অভিযান চলাই মুঠ 44 জন লোকক আটক কৰিছে (many people arrested in Hojai) ৷

many people arrested in Child marriage in Hojai
বাল্য বিবাহৰ লগত জড়িত 88 জন আটক

By

Published : Feb 3, 2023, 2:10 PM IST

হোজাই, 3 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাইছে অসম আৰক্ষীয়ে(Operation against Child marriage) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিচতেই ক্ষিপ্ৰ গতিত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam) ৷

বৃহস্পতিবাৰে নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈ প্ৰায় 800 গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে (illegal husband arrested) ৷ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈ হোজাই আৰক্ষীয়ে অভিযান চলাই মুঠ 44 জন লোকক আটক কৰিছে (many people arrested in Hojai) ৷ বৰ্তমানলৈকে জিলাখনৰ হোজাই আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা 14 জন, লংকাৰ পৰা 25 জন, লামডিঙৰ পৰা 22 জন, মোৰাঝাৰৰ পৰা 14 জন, কাকীৰ পৰা 12 জন, যমুনামুখৰ পৰা 7 জন আৰু ডবকাৰ পৰা 7 জন লোকক আটক কৰা হৈছে ৷

ইফালে ৰাজ্যজুৰি শুকুৰবাৰে পুৱা 9 বজালৈ বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী জিলাত 135 জন, কোকৰাঝাৰ জিলাত 85 জন, বঙাইগাঁও জিলাত 17 জন, চৰাইদেউ জিলাত 49 জন, মৰিগাঁও জিলাত 60 জন, ওদালগুৰি জিলাত 30 জন, নলবাৰী জিলাত 34 জন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি, যোৰহাট, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে 25 জন, 53 জন আৰু 67 জন স্বামী ৷ ইয়াৰ লগতে, বৰপেটা জিলাত 88 জন, মাজুলী জিলাত 16 জন , দৰং জিলাত 33 জন আৰু হোজাই জিলাত 91 জন বাল্য বিবাহ কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিগত 9 দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে 4004 টা গোচৰ ৰুজু হৈছে (Strict action against child marriage)৷ এই তথ্যৰ ভিত্তিত চাবলৈ গ’লে অসমত বছৰি কমেও 50 হাজাৰ বাল্যবিবাহ হয় । অসমৰ 36 খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা (Child marriage statistics in Assam) ।

লগতে পঢ়ক:Operation against Child marriage: নলবাৰীত বাল্য বিবাহ বিৰোধী অভিযান ২৯ জনকৈ স্বামীক আটক

ABOUT THE AUTHOR

...view details