হোজাই, 18 মে’: হোজাইত সংঘটিত হৈছে হাতী মানুহৰ সংঘাতৰ এক ঘটনা । সোমবাৰে নিশা জিলাখনৰ চাওতাল বস্তিত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক । নিহত লোক জন গাঁওখনৰ সুশীল মল্লিক বুলি চিনাক্ত কৰা হৈছে ।
আনহাতে, বিগত কিছুদিনৰ পৰা গাঁওখনত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । ইফালে, হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ বাবে বন বিভাগে ব্যৱস্থা নোলোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ ৷
উল্লেখযোগ্য যে, সময়ে সময়ে সংঘটিত হোৱা হাতী মানুহৰ এনে সংঘাতৰ বাবে পূৰ্বতেও ৰাজ্যত প্ৰাণ হেৰুৱাইছে বহুলোকে ৷ মূলত খাদ্যৰ অভাৱত বনৰীয়া হাতীয়ে জন বসতি পূৰ্ণ অঞ্চল সমূহলৈ গৈ খাদ্যৰ সন্ধানত চলোৱাৰ বাবেই সংঘটিত হৈ আহিছে এই ঘটনা ৷
দীৰ্ঘদিন ধৰি ৰাজ্যত চলি অহা হাতী মানুহৰ সংঘাটৰ এনে ঘটনাৰ স্থায়ী সমাধান বিচাৰিছে বিচাৰিছে ৰাজ্যবাসীয়ে ৷
লগতে পঢ়ক :পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই