হোজাই, 16 ফেব্ৰুৱাৰী : আজি অৰ্থাৎ বুধবাৰে মাঘী পূৰ্ণিমা । পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে হোজাইৰ যোগীযান ৰাজবাৰীত আয়োজন কৰা হয় মাঘী মেলাৰ (Maghi Mela Celebrate at Hojai) । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৰাজবাৰীৰ শিৱ মন্দিৰৰ প্ৰাংগনত এই মেলা ।
বিগত বছৰত ক’ভিডৰ ভয়াবহতাৰ বাবে চৰকাৰী নীতি-নীৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি মেলা অনুষ্ঠিত হোৱা নাছিল ৷ কিন্তু এইবাৰ চলিত মাহৰ 15 ফেব্ৰুৱাৰীৰ পৰা চৰকাৰে পৰিহাৰ কৰিছে ক’ভিডৰ নীতি-নিৰ্দেশনা ৷ সেয়ে এইবাৰ অতি উলহ মালহেৰে আয়োজন কৰা হৈছে মাঘী পূৰ্ণিমৰ মেলাভাগ ৷