অসম

assam

ETV Bharat / state

লামডিঙত দূৰ্গা পূজাক লৈ তৎপৰ লামডিঙ আৰক্ষী - পূজাৰ সময়ত

লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিঙৰ তৎপৰতাত আৰক্ষী এটা দলে অভিযান চলাই বৃহৎ পৰিমানৰ দেশী বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আগন্তুক পূজাৰ সময়ত কোনো ধৰণৰ অসামাজিক ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰতিদিনেই অভিযান চলাব বুলি বিষয়া গৰাকীয়ে জানিব পৰা গৈছে ৷

Lumding  police awearnes  during durga puja
লামডিঙত দূৰ্গা পূজাক লৈ তৎপৰ লামডিঙ আৰক্ষী

By

Published : Oct 20, 2020, 10:58 PM IST

হোজাই,20 অক্টোবৰঃ লামডিঙত দূৰ্গা পূজাক লৈ তৎপৰ লামডিঙ আৰক্ষী ৷ মঙলবাৰে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ দেশী- বিদেশী সুৰা জব্দ ৷ আগন্তুক শাৰদীয় দূৰ্গা পূজাৰ উপলক্ষে লামডিঙ প্ৰশাসনে কটকটীয়া নিৰাপত্তা অৱলম্বন কৰিছে ৷ লামডিঙৰ অলিয়ে গলিয়ে ৰমমৰীয়া অবৈধ সুৰাৰ বিপনি গঢ়ি উঠিছে ৷

লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিঙৰ তৎপৰতাত আৰক্ষী এটা দলে অভিযান চলাই বৃহৎ পৰিমানৰ দেশী বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আগন্তুক পূজাৰ সময়ত কোনো ধৰণৰ অসামাজিক ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰতিদিনেই অভিযান চলাব বুলি বিষয়া গৰাকীয়ে জানিব পৰা গৈছে ৷

আনফালে ৰাইজৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি লামডিঙত এইবাৰ মুঠ ২৭ খন পূজা অনুষ্ঠিত হোৱাৰ অনুমতি দিয়ে প্ৰশাসনে ৷ পূজা মণ্ডপ সমূহে চৰকাৰ দিয়া সম্পূৰ্ণ নিৰ্দেশ মানি চলিব লাগিব ৷ পূজাৰ সময়ত যাতে কোনো ধৰনৰ ঘটনা সংঘটি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লামডিঙ প্ৰশাসনে।

লগতে পঢ়কঃ ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া

ABOUT THE AUTHOR

...view details