হোজাই,13 জুন: কৰ'ণাক লৈ অপ প্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা । এই মন্তব্য প্ৰকাশ কৰিছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই ৷ লগতে ৰাইজক কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগ আৰু সচেতন হোৱাৰ লগতে কৰ'ণাক লৈ অপপ্ৰচাৰৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷ লগতে বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে, কৰ'ণা ভাইৰাছৰ কোনো জাতি ধৰ্ম নাই গতিকে ইয়াক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাৰ প্ৰয়োজন নাই ৷ সাৱধানতা অৱলম্বন নকৰিলে সকলো এই ভাইৰাছত আক্ৰান্ত হ'ব ৷
কৰ'ণাক লৈ অপপ্ৰচাৰ নচলাবলৈ সকীয়নি লামডিঙৰ বিধায়কৰ - Lumding MLA suggests not to spread rumor
লগতে ৰাইজক কৰ'ণা সন্দৰ্ভত সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷
কৰ'ণাক লৈ অপপ্ৰচাৰ নচলাবলৈ সকীয়নি লামডিঙৰ বিধায়কৰ
উল্লেখ্য যে, হোজাই জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে অধিক তৎপৰ হৈ পৰিছে জিলা খনৰ স্বাস্থ্য কৰ্মী সকলৰ লগতে প্ৰশাসন ৷
TAGGED:
rumor about Covid-19