হোজাই, 29 ছেপ্তেম্বৰ :লামডিং ৰে'লৱে চিকিৎসালয়ত থকা ক'ভিড কেয়াৰ কেন্দ্ৰত উচ্চ মানৰ খাদ্য যোগানৰ বাবে প্ৰশংসিত হৈছে খাদ্য যোগানৰ দায়িত্বত থকা এটা প্ৰতিষ্ঠান । প্ৰতিষ্ঠানটো হৈছে লামডিং ফুড পাৰ্টনাৰ ক্ৰিষ্টেল ৰেষ্টুৰেন্ট । এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মিষ্ঠু পালে ৰোগী সকলক দুপৰীয়া আৰু নৈশ আহাৰত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে সন্ধিয়া নতুন নতুন জুতি যোগান ধৰি এক নিদৰ্শন দাঙি ধৰি আহিছে ৷ মিষ্ঠু পালে প্ৰতিদিনে বুট মগুৰ প্ৰসাদ, চাউমিন, এগৰ'ল, বিভিন্ন ধৰনৰ ফলমূল, কৰ্ণফ্লেকচকে ধৰি উন্নত মানৰ খাদ্য যোগান ধৰি আহিছে ৷
তেওঁ কয় যে, অসমৰ যুৱক হৈ আমি অসমৰ থলুৱা খাদ্য সমূহ অসমত প্ৰচাৰ কৰাৰ খুবেই প্ৰয়োজন হৈ পৰিছে সেয়েহে ৰোগী সকলক অসমীয়া পিঠা-পনা যোগান ধৰিছো ৷ ইপিনে, লামডিং ৰে'লৱে চিকিৎসালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৰোগীৰ বাবে অসমীয়া পিঠা পনা যোগান ধৰিবলৈ ক'ভিড কেয়াৰ কেন্দ্ৰটোৰ খাদ্য যোগানৰ দায়িত্বত থকা মিষ্ঠু পালে বটদ্ৰৱাৰ সৰুহিচাৰ তৰুনী বৰুৱা কলিতা আৰু ববিতা কলিতা নামৰ দুগৰাকী মহিলাৰ লগত যোগাযোগ কৰি ৰোগীক পিঠা পনা আদি প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পন কৰিছে ৷
লগতে পঢ়ক :লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ