হোজাই, ১১ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে সমদল অব্যাহত আছে । লামডিং সমষ্টিতো সমদল কংগ্ৰেছৰ । হোজাইৰ ৯২ নং লামডিং সমষ্টিত পদযাত্ৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কৰৰ । লামডিং সমষ্টিৰ পৰা প্ৰাৰ্ছীত্ব লাভ কৰি স্বপন কৰি সমষ্টিটোত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় সমষ্টিবাসীয়ে । বৃহস্পতিবাৰে স্বপন কৰে শতাধিক দলীয় কৰ্মী লগত লৈ পদযাত্ৰা কৰি লামডিং সমষ্টিৰ জোৰাপুখুৰী অঞ্চললৈ পৰিভ্ৰমণ কৰে ।
লামডিঙত কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰক উষ্ম আদৰণি - কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কৰ
হোজাইৰ ৯২ নং লামডিং সমষ্টিত পদযাত্ৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কৰৰ । লামডিং সমষ্টিৰ পৰা প্ৰাৰ্ছীত্ব লাভ কৰি স্বপন কৰি সমষ্টিটোত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় সমষ্টিবাসীয়ে । বৃহস্পতিবাৰে স্বপন কৰে শতাধিক দলীয় কৰ্মী লগত লৈ পদযাত্ৰা কৰি লামডিং সমষ্টিৰ জোৰাপুখুৰী অঞ্চললৈ পৰিভ্ৰমণ কৰে ।
জোৰাপুখুৰী অঞ্চলত উপস্থিত হোৱাৰ লগে লগে অঞ্চলবাসীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ফটকা ফুটাই উষ্ম আদৰণি জনায় কংগ্ৰেছৰ প্ৰাৰ্থীৰ গৰাকীক । ইপিনে, সংবাদ মাধ্যমৰ আগত লামডিঙৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁক সমষ্টিবাসীয়ে জয়যুক্ত কৰালে নিবনুৱা সমস্যা সমাধান, সমষ্টিৰ সকলো স্তৰৰ উন্নয়ন কৰাটোৱে তেওঁৰ মূল লক্ষ্য আৰু উদ্দেশ্য । উল্লেখ্য যে, লামডিঙত স্বপন কৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ একাংশ দলীয় কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল । বিশ্বজিৎ ৰায় চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই যোৱা ৭ মাৰ্চত একাংশ দলীয় কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
লগতে পঢ়ক: ৰাইজৰ দলে প্ৰকাশ কৰিলে 'ভিজন ডকুমেণ্ট'