হোজাই, 9মে':লংকাত ভুৱা পৰিচয়ৰে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱা এজন ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে ৷ লংকা আৰক্ষীয়ে লস্কৰ পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইকবাল হুছেইনক ৷ ধৃত ইকবালে বিভিন্ন ভয় ভাবুকিৰে যুৱতীগৰাকীক ডিমাপুৰলৈ নি লিপ্ত হৈছিল অসৎ কাৰ্যত । পূৰ্বে প্ৰস্তুত কৰিছিল যুৱতীগৰাকীৰ আপত্তিজনক ভিডিঅ’ আৰু ফটো ৷ অভিযুক্ত ইকবালে প্ৰস্তুত কৰা আপত্তিজনক ভিডিঅ’ আৰু ফটো ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে যুৱতীগৰাকীৰ লগত বৰ্তাই ৰাখিছিল শাৰীৰিক সম্পৰ্ক ৷ লগতে ফটো আৰু ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ চেষ্টা চলাইছিল যুৱতী গৰাকীক ।
ভুৱা পৰিচয়ৰে যুৱতীক প্ৰেমৰ জালত পেলোৱা ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ - বিক্ৰীৰ বাবে যো-জা
লংকাত ভুৱা পৰিচয়ৰে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱা এজন ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ ৷ যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত লংকা আৰক্ষীয়ে লস্কৰ পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইকবাল হুছেইন নামৰ এজন যুৱকক ৷
![ভুৱা পৰিচয়ৰে যুৱতীক প্ৰেমৰ জালত পেলোৱা ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ love-jihad-incident-in-hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11700375-954-11700375-1620576595640.jpg)
ভুৱা পৰিচয়ৰে প্ৰেমৰ জালত পেলোৱা ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ লংকা আৰক্ষীৰ
ভুৱা পৰিচয়ৰে প্ৰেমৰ জালত পেলোৱা ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ লংকা আৰক্ষীৰ
যুৱতী গৰাকীক বহিঃ ৰাজ্যত নি ইকবালে বিক্ৰীৰ বাবে যো-জা চলাইছিল ৷ ইপিনে যুৱক জন অহিন্দু বুলি জানিব পৰাৰ উপৰি তেওঁক বাৰম্বাৰ ভিডিঅ’ আৰু ফটো ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে অসৎ কামত লিপ্ত কৰিবলৈ হেঁচা দিয়াৰ লগতে বিক্ৰী কৰাৰ উদ্দেশ্য কৰি থকা পৰিকল্পনা সম্পৰ্কে জানিব পাৰি উপায়হীন হৈ যুৱতীগৰাকীয়ে বজৰংগ দলৰ সহযোগত লংকা আৰক্ষী থানাত গোচৰ তৰে ৷ যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক :বিগত 24 ঘন্টাত ভাৰতত ক‘ভিডত মৃত্যু ৪০৯২ জনৰ