হোজাই, ৯আগষ্ট:হোজাই জিলাৰ তিনিআলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নলা নিৰ্মাণৰ কামত দূৰ্ণীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে(Locals alleges scam in drain construction)। নলাৰ ওপৰত শ্লেব নিদিয়াৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে । জোৰা তাপলি মাৰি নিৰ্মাণ কাৰ্য চলাই থকাত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে ৰাইজ ।
শূন্য দুৰ্নীতিৰ কথা কৈ অহা বিজেপি চৰকাৰৰ দিনতেই হোজাই জিলাৰ লংকাত দুৰ্নীতিয়ে গা কৰি উঠিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । চৰকাৰী আঁচনি ৰূপায়ণৰ নামত দায়িত্বৰত কোম্পানী, ঠিকাদাৰ, কৰ্মচাৰীয়ে দুৰ্নীতিত লিপ্ত হৈছে । হোজাই জিলাৰ লংকা-লামডিং সংযোগী ২৭ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নলা নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত ঘাইপথচোৱাৰ তিনিআলীত পথটোৰ কাষে কাষে নিৰ্মাণ হৈ আছে নলা । কিন্তু নলাৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হৈছে । অতি নিম্নমানৰ চিমেন্ট, বালি আৰু ব'ল্ডাৰ ব্যবহাৰ কৰি নলা নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ । অভিযোগ অনুসৰি উন্নত মানৰ চিমেন্টৰ ঠাইত অতি কম মূল্যৰ চিমেন্ট, বালিৰ পৰিবৰ্তে ডাষ্ট, ব'ল্ডাৰৰ নামত সৰু সৰু শিল ব্যৱহাৰ কৰি উক্ত নলাটো নিৰ্মাণ কৰিছে । উৰ্ধতম কৰ্তৃপক্ষই যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নলাৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ক্ষুব্ধ ৰাইজে ।