অসম

assam

ETV Bharat / state

কাকীৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ দল-সংগঠন - কাকীৰ উচ্ছেদ

হোজাই জিলাৰ কাকীত হোৱা উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈছে হোজাইৰ দল সংগঠন ৷ ২৪ ঘণ্টাৰ ভিতৰত জাননী দি বাসিন্দা সকলক ভূমি মুক্ত কৰিবলৈ নিৰ্দেশ দিয়াটো অতিকৈ অমানৱীয় আৰু ই এক দানৱীয় কাৰ্য বুলি মন্তব্য কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে ৷

local union of hojai reaction against eviction
কাকীৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ দল সংগঠন

By

Published : Jun 7, 2021, 11:01 PM IST

হোজাই,7 জুন :দেওবাৰে এক প্ৰেছ বিবৃতিৰ যোগে হোজাই জিলাৰ কাকীত হোৱা উচ্ছেদৰ সম্পৰ্কে মত প্ৰকাশ কৰিছে ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা(ALL Assam Rural Labour Association)ৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শুভ্ৰজ্যোতি বৰ্ধন আৰু অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ যোগে হোজাই জিলাৰ কাকী তাৰালাংছুৰ তিনিহাজাৰ বিঘা বুলি পৰিচিত অঞ্চলটোত ‌অৰ্ধ শতাধিক বছৰ ধৰি বসবাস কৰি থকা ৭৪ টাকৈ পৰিয়ালক উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এইয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এক ফেচিষ্ট ৰূপ বুলি মন্তব্য কৰে ৷

কাকীৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ দল সংগঠন
বিবৃতিত উল্লেখ কৰা মতে, কাকীত উচ্ছেদ চলোৱা ভূমিত আজিৰ পৰা ৫৫ বছৰৰ আগতেই চৰকাৰে আৱণ্টন দিয়া বুলি বাতৰিত প্ৰকাশ পাইছে । গতিকে ভূমিৰ পট্টা প্ৰদান কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিছিল। ইয়াকে নকৰি ২৪ ঘণ্টাৰ ভিতৰত জাননী দি বাসিন্দা সকলক ভূমি মুক্ত কৰিবলৈ নিৰ্দেশ দিয়াটো অতিকৈ অমানৱীয় আৰু ই এক দানৱীয় কাৰ্য । চৰকাৰৰ এই অমানৱীয় আৰু দানৱীয় কাৰ্যৰ প্ৰতি সকলো গণতান্ত্ৰিক দল সংগঠন আৰু কৃষকৰ প্ৰতি দায়বদ্ধ সকলোকে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাৰ আহ্বান জনোৱাৰ লগতে তাৎক্ষণিকভাৱে এই উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details