অসম

assam

By

Published : May 16, 2022, 10:08 PM IST

ETV Bharat / state

চৰকাৰলৈ বাট নাচাই হোজাইত ৰাইজে নিৰ্মাণ কৰিলে পথ

চৰকাৰৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷ সোমবাৰে হোজাইৰ পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত কাকী শনিবৰীয়া বজাৰৰ পৰা আমপুখুৰী সংযোগী বিধ্বস্ত পথটো নিৰ্মাণ কৰিলে গাঁৱৰ ৰাইজে (Road repaired by public in Hojai) ৷

আমি বড়ো, টাইবেল বাবে আমাক গুৰুত্ব নিদিয়ে
Road repaired by public in Hojai

হোজাই, 16 মে’:চৰকাৰী আঁচনিৰ উন্নয়নৰ নামত ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে হোজাইৰ মাজমজিয়াত ৷ হোজাই জিলাৰ লামডিং সমষ্টিৰ পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত কাকী শনিবৰীয়া বজাৰৰ পৰা আমপুখুৰী সংযোগী বিধ্বস্ত পথটো ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে (Local people repairs roads in Hojai) ৷

স্থানীয় জন প্ৰতিনিধিৰ হেমাহিৰ বাবে ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে এই কাৰ্য কৰিবলৈ বাধ্য হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পুৰণা কাকী পঞ্চায়তৰ অন্তৰ্গত এই পথচোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল ৰাইজে ৷

Road repaired by public in Hojai

বিগত সময়ছোৱাত বহুবাৰ স্থানীয় বিধায়কক ৰাইজে এই বিষয়টো অৱগত কৰিছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰিলে বিধায়কগৰাকীয়ে ৷ তাৰোপৰি পঞ্চায়ত প্ৰতিনিধিসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ লগতে ‘‘আমি বড়ো, টাইবেল বাবে আমাক গুৰুত্ব নিদিয়ে’’ বুলি সংবাদমেলত উল্লেখ কৰে স্থানীয় লোকে ৷

উপায়ন্তৰ স্থানীয় লোকসকলে সোমবাৰে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথচোৱা ৷ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও অভিযোগ কৰে স্থানীয় লোকে ।

অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

ABOUT THE AUTHOR

...view details