হোজাই,1 ডিচেম্বৰ: হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি এটা শিৱ মন্দিৰ উচ্ছেদ কৰিবলৈ দিয়া নিৰ্দেশক লৈ দেওবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ উক্ত মন্দিৰটো বিধায়কজনৰ ঘৰৰ নিচেই কাষত অৱস্থিত ৷ বিধায়কজনে লংকা চক্ৰ বিষয়াগৰাকীক মন্দিৰটো উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ৷
বিধায়ক শিলাদিত্যদেৱৰ কাণ্ডত ক্ষুব্ধ হোজাইবাসী
হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি এটা শিৱ মন্দিৰ উচ্ছেদ কৰিবলৈ দিয়া নিৰ্দেশক লৈ দেওবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে মন্দিৰটো কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে ৷
দেওবাৰে বিধায়ক গৰাকীৰ নিদেৰ্শমৰ্মে লংকা চক্ৰ বিষয়া গৰাকীয়ে মন্দিৰ উচ্ছেদ কৰিবলৈ যোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ বিধায়ক গৰাকীয়ে মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ৷ সেয়ে স্থানীয় ৰাইজে চক্ৰ বিষয়াগৰাকীক মন্দিৰ উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰে ৷ লংকা জোৰাপুখুৰীস্থিত উক্ত শিৱ মন্দিৰটো প্ৰায় ২৫ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল ৷ তদুপৰি স্থানীয় ৰাইজে মন্দিৰটো কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ বিধায়ক শিলাদিত্য দেৱৰ এই কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে চাওক:বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন