হোজাই, ২ জানুৱাৰী: হোজাই জিলাৰ লংকাৰ জুঠাংবস্তিত শুক্ৰবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । জুঠাংবস্তি সাৰ্বজনীন নামঘৰত লুট-পাত চলায় চোৰে । চোৰে নামঘৰৰ মণিকূটৰ ভিতৰত প্ৰৱেশ কৰি ভাগৱত আৰু থাপনা লণ্ডভণ্ড কৰে । লগতে প্ৰায় ১৫০০ টকাও লুটি নিয়ে । পুৱা নামঘৰীয়া আহি নামঘৰত উপস্থিত হোৱাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।
নৱবৰ্ষৰ প্ৰথম দিনটোতে লংকাৰ নামঘৰত চুৰিকাণ্ড - চোৰৰ কোপ দৃষ্টি
য'তেই ধন, মূল্যৱান সামগ্ৰী তাতেই চোৰৰ কোপ দৃষ্টি । বছৰৰ প্ৰথম দিন অথবা শেষৰ দিন বুলি চুৰিবিদ্যা নেৰে চোৰে । লংকাৰ জুঠাংবস্তিৰ নামঘৰত নৱবৰ্ষৰ প্ৰথম দিনটোতে চুৰিকাণ্ড সংঘটিত কৰিলে গভাইত চোৰে ।

নৱবৰ্ষৰ প্ৰথম দিনটোতে লংকাৰ নামঘৰত চুৰিকাণ্ড
নৱবৰ্ষৰ প্ৰথম দিনটোতে লংকাৰ নামঘৰত চুৰিকাণ্ড
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । নতুন বছৰৰ পহিলা দিনটোতে ধৰ্মীয় অনুষ্ঠানত এনে ঘটনা সংঘটিত হোৱাক লৈ দুঃখিত হৈ পৰিছে জুঠাংবস্তিবাসীয়ে । শীঘ্ৰে চোৰক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক:কামপুৰত কংগ্ৰেছ কৰ্মীসকলৰ প্ৰীতিৰ এসাঁজ